/asomiyapratidin/media/media_files/2025/08/02/1-2025-08-02-19-59-29.jpg)
ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট শিক্ষাবিদ তথা সাহিত্য ক্ষেত্রখনৰ অগ্ৰণী ব্যক্তি মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওঁটৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান হয়। এই খবৰে সমগ্ৰ মৰিগাঁও জিলাতে শোকৰ ছাঁ পেলাইছে। মৰিগাঁও জিলা সাহিত্য সভায়ো তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
আজি পুৱাৰ ভাগত তেখেতৰ নশ্বৰ দেহ জিলা সাহিত্য সভাৰ কাৰ্যালয় শশীকান্ত হাজৰিকা ভৱনলৈ অনাৰ সময়ত জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতা, উপ- সভাপতি লক্ষেশ্বৰ বৰদলৈ, জিলা সম্পাদক কুশল কুমাৰ বৰা, কেন্দ্রীয় কাৰ্যনিৰ্বাহকৰ জিলা প্ৰতিনিধি পিনাকী ভূষণ মহন্তই অসম সাহিত্য সভাৰ পতাকাৰে তেখেতক শেষ শ্রদ্ধা জ্ঞাপন কৰে। জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক-প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰাই জাতীয় বস্ত্ৰৰে মৃতকক শেষ বাৰৰ বাবে শ্ৰদ্ধা জনায়।
জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, প্ৰাক্তন উপ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰাক্তন সম্পাদক অজিত শৰ্মা অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য মহেন্দ্র নাথ হাজৰিকা, নিখিল হাজৰিকা, চিমল দেউৰী, জাগীৰোড শতদল শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ কাকতি, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মুন ঠাকুৰীয়া, কাৰ্যালয় সম্পাদক যশোবন্ত নাথ, সাংগঠনিক সম্পাদক প্ৰাঞ্জল বৰা, কোষাধ্যক্ষ ভূপেন বৰা, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সভাপতি মিৰ্জা আলম, কৃষক মুক্তিৰ বিষয় ববীয়া বদন শৰ্মা প্ৰমুখ্যে বহু গুনমুগ্ধই মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনায়।
জিলা সাহিত্য সভাই প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ প্ৰতি বিশেষ শ্ৰদ্ধা জ্ঞাপনৰ উদেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সম্পাদক কুশল কুমাৰ বৰাই প্ৰকাশ কৰা অনুসৰি জিলা সাহিত্য সভাই তিনি দিনীয়াকৈ শোক পালন কৰিব আৰু উক্ত তিনি দিন সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰি ৰাখিব।
সাত দিনৰ বাবে সকলোধৰণৰ জাক জমকতাপূৰ্ণ অনুষ্ঠানৰ পৰা জিলা সাহিত্য সভা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে। জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সভা সমূহে নিজ নিজ কার্যালয়ত অথবা সুবিধাজনক ঠাইত তিনি দিন পতাকা অর্ধনমিত কৰি ৰাখিব।
৩ জুলাইত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান সাময়িকভাবে স্থগিত ৰাখিবলৈ সিদ্ধান্ত কৰে। প্ৰতিষ্ঠাপক সভাপতি গৰাকীৰ প্ৰতি বিশেষ সন্মান প্রদর্শন কৰি মাহেকীয়া তিথিত কাৰ্যালয় ভৱনত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিব আৰু স্মৰণিকা প্ৰকাশ কৰাৰ কথাও আনুষ্ঠানিক ভাবে ঘোষণা কৰে।