'নাক'ৰ এ+ গ্ৰেডে লাভ  কৰা মায়ং আঞ্চলিক মহাবিদ্যালয় কৰ্তৃপক্ষক উষ্ণ আদৰণি...

নাক " ৰ পৰিদৰ্শনৰ পিছতেই এ+ গ্ৰেডেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়।

author-image
Asomiya Pratidin
New Update
'নাক'ৰ এ+ গ্ৰেডে লাভ  কৰা মায়ং আঞ্চলিক মহাবিদ্যালয় কৰ্তৃপক্ষক উষ্ণ আদৰণি...

ডিজিটেল সংবাদ, মায়ংঃ বিশ্ব বিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয়  মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ  পৰিদৰ্শনৰ পিছতেই এ+ গ্ৰেডেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়। মঙলবাৰে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ণ আদৰণি জনায়।

Advertisment

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰাক ফুলাম গামোছা আৰু অভিনন্দন পত্ৰৰে আদৰণি জনাই মায়ং আঞ্চলিক ক্ৰীড়া সন্থা,মায়ং গাঁও পঞ্চায়ত,মায়ং এছেন্ট  ক্লাৱ আৰু  মায়ং গ্ৰাম্য সংগ্ৰাহলয়  গৱেষণা কেন্দ্ৰৰ ফালৰ পৰা। উল্লেখযোগ্য  যে অলপতে  গ্ৰেড ৰেংকিঙৰ ফলাফল ঘোষণা কৰিছিল  'নাক' ৰ মুখ্য কাৰ্যালয়ৰ পৰা।

৩.৩৭  নম্বৰেৰে এ+  গ্ৰেড লাভ কৰি   মায়ং অঞ্চলৰ  লগতে মৰিগাঁও  জিলালৈ গৌৰৱ  কঢ়িয়াই আনিবলৈ সক্ষম  হৈছিল মহাবিদ্যালয় খনে। মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহাসিক মায়ঙৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয় খন ১৯৯২ চনৰ ১৩ আগষ্টত বান বিধ্বস্ত মায়ঙৰ কৃষিজীৱি ৰাইজৰ দান বৰঙণিৰে ৰজা মায়ঙত স্থাপন হৈছিল।

মায়ং আঞ্চলিক মহাবিদ্যালয় খনে ইতিমধ্য গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি ৩০ বছৰত ভৰি দিলে।অপ্ৰাদেশেকীত মহাবিদ্যালয় খনে ২০১৩  চনত চৰকাৰী  স্বীকৃতি লাভ  কৰে যদিও নাক ৰ পৰিদৰ্শন হোৱা নাছিল। অৱশেষত যোৱা ডিচেম্বৰ মাহত  নাক পিৰ টিমৰ দ্বাৰা  পৰিদৰ্শন কৰোৱা হৈছিল। প্ৰথম বাৰ নাকৰ পৰিদৰ্শনতে  মহাবিদ্যালয় খনে এ + গ্ৰেড পোৱাৰ খৱৰে সমগ্ৰ মৰিগাঁও জিলাৰ  সুনাম কঢ়িয়াই অনাৰ বাবে আজি এইদৰে অঞ্চলটোৰ  অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা অভিনন্দন জনায়।

আৰু পঢ়ক: তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...

naac