মৰিগাঁও পৌৰসভাৰ জাননী : অসমীয়াত লিখিব লাগিব দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলক

মৰিগাঁও পৌৰসভাৰ জাননী : অসমীয়াত লিখিব লাগিব দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলক

author-image
Asomiya Pratidin
New Update
মৰিগাঁও পৌৰসভাৰ জাননী : অসমীয়াত লিখিব লাগিব দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম ফলক

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও পৌৰসভাই গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ। এতিয়াৰ পৰা পৌৰসভাৰ এলেকাত থকা দোকান ও ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সন্মুখত প্ৰথমে থাকিব লাগিব অসমীয়া ভাষাৰ নাম ফলক ৷ পৌৰসভাৰ পৌৰপতি স্বাক্ষৰিত এক জাননীযোগে এই কথা ৰাজহুৱা কৰে।

Advertisment

পৌৰসভাই তৎকালীনভাৱে বলৱৎ হোৱাকৈ ৰাজহুৱা কৰা জাননীত এই কথাও উল্লেখ কৰে যে, অসমীয়াৰ তলত ৰাখিব পাৰিব অন্যান্য ভাষা ৷ আনহাতে পৌৰসভাৰ ১ নং ৱাৰ্ডৰ পৰা ১১ নং ৱাৰ্ডলৈ অৱস্থিত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সমুখত আঁৰি থোৱা নাম ফলকসমূহ এই নিৰ্দেশনা জাৰি কৰাৰ এসপ্তাহৰ ভিতৰত ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত লিখিব লাগিব নাম ফলকসমূহ।

এই ক্ষেত্ৰত ব্যৱসায়ীক সন্থা আৰু সকলোৰে সহযোগিতা বিচাৰিছে মৰিগাঁও পৌৰসভাই ৷

Also Read: ক’ত হেৰাল লাজ, মান-সন্মানবোৰ ?

Morigaon Municipality