ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন মৰিগাঁৱৰ যুৱক...

ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন মৰিগাঁৱৰ এজন যুৱক। যুৱকজন হাতীমূৰীয়াৰ গুলজাৰ হুছেইন

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন মৰিগাঁৱৰ যুৱক...

ডিজিটেল সংবাদ, মৰিগাঁও : ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন মৰিগাঁৱৰ এজন যুৱক। যুৱকজন হাতীমূৰীয়াৰ গুলজাৰ হুছেইন। বুধবাৰে দুপৰীয়া দহগৰাকী সমনীয়াৰ সৈতে গৈছিল গা-ধুবলৈ গৈছিল গুলজাৰ।

Advertisment

পিছে গা-ধুই সকলো উঠি আহিছিল যদিও গুলজাৰ নৈৰ পৰা উঠি নহাত সমনীয়া সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। সমনীয়াসকলে ঘটনাৰ সন্দৰ্ভত পিতৃ-মাতৃহীন গুলজাৰৰ অভিভাৱকক খবৰ দিয়ে। অভিভাৱক তথা সমনীয়াসকলে ভেলৌগুৰী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাত এছ ডি আৰ এফৰ জোৱানে নৈত যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলাই যদিও কোনো শুংসূত্ৰ ওলোৱা নাই যুৱকজনৰ।

এই ঘটনাই গুলজাৰৰ আত্মীয়সকলক চিন্তিত কৰি তোলাৰ লগতে সমগ্ৰ এলেকাত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।

Also Read: উৎকট গৰমে দহিছে ৰাজ্য: এইবাৰ দৰঙত সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী...

Assam police