ভুৱা চিকিৎসকৰ কাণ্ড! কিশোৰীৰ প্ৰসৱ কৰাই বিক্ৰী কৰিলে সন্তানক

ভুৱা চিকিৎসকৰ কাণ্ড! কিশোৰীৰ প্ৰসৱ কৰাই বিক্ৰী কৰিলে সন্তানক

author-image
Asomiya Pratidin
New Update
ভুৱা চিকিৎসকৰ কাণ্ড! কিশোৰীৰ প্ৰসৱ কৰাই বিক্ৰী কৰিলে সন্তানক

ডিজিটেল ডেস্কঃ ভুৱা চিকিৎসকৰ জঘন্য কাণ্ড। নিজকে চিকিৎসক বুলি চিনাকী দিয়া নাজিৰুলৰ ভয়ংকৰ কাণ্ড পূৰ্বে পোহৰলৈ আহিছে। এগৰাকী কিশোৰীৰ প্ৰসৱ কৰাই ২১ হাজাৰ টকাত সন্তান বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে নাজিৰুলৰ বিৰুদ্ধে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি গৰ্ভৱতী কিশোৰীগৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহিছিল চিকিৎসাৰ বাবে। চিকিৎসালয়ৰ ওচৰতে লগ পাইছিল ভুৱা চিকিৎসক নাজিৰুলক।

মাহীয়েকৰ লগত অহা কিশোৰীগৰাকীক আইনী মেৰপাছ দেখুৱাই ভয় খুৱাইছিল নাজিৰুলে। তাৰপাছতে কম টকাত অস্ত্ৰোপচাৰ কৰাৰ প্ৰতিশ্ৰুতি দি গৰৈমাৰীৰ ভাৰাঘৰলৈ লৈ গৈছিল কিশোৰীগৰাকীক।

ভাৰাঘৰতে নাজিৰুলে কিশোৰীগৰাকীৰ প্ৰসৱ কৰাইছিল আৰু দুদিন পাছত সন্তানটিৰ মৃত্যু হোৱা বুলি কৈছিল। ইয়াৰ পিছতেই কিশোৰী গৰাকীয়ে জন্ম দিয়া সন্তানটি বিক্ৰী কৰিছিল ৰূপহীৰ এহাল দম্পত্তিক। সন্তানটি ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

তিনিদিন পূৰ্বে সাংবাদ মাধ্যমৰ যোগেৰে ভুৱা চিকিৎসক নাজিৰুলক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিক উদ্ধাৰ কৰাৰ খবৰ জানিব পাৰি আৰক্ষীৰ ওচৰ চাপিছিল কিশোৰী গৰাকী। তেতিয়াই কিশোৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিছিল।

উল্লেখযোগ্য যে কিশোৰী গৰাকীয়ে মৰিগাঁৱৰ বিজয়লক্ষ্মী নামৰ ব্যক্তিগত নাৰ্ছিং হোমত আলট্ৰাচাউন্দ কৰাইছিল। চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কেনেদৰে এই পৰীক্ষা কৰিলে সেয়া ডাঙৰ প্ৰশ্ন। তাৰোপৰি পৰীক্ষাৰ সময়ত কিশোৰীগৰাকীৰ বয়স বঢ়াই ২৯ বছৰ কৰি দিছিল এই নাৰ্ছিং হোমত।

মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিব দিয়া অনুসৰি অবৈজ্ঞানিক ভাৱে অস্ত্ৰোপচাৰ কৰাৰ ফলত কিশোৰ গৰাকীৰ দেহত বৰ্তমান যথেষ্ট ইনফেক্টচন হৈছে। এই সন্দৰ্ভত এতিয়াও তদন্ত অব্য়াহত আছে আৰু শীঘ্ৰেই ঘটনাৰ লগত জড়িত অন্য লোকসকলো গ্ৰেপ্তাৰ হ'ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে।

Also Read: প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীঃ আৰক্ষীৰে সংঘৰ্ষত ৪ বি এন পি সদস্যৰ মৃত্যু

Assam police