ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনাঃ দুই জাঁইকৈ গুলীৰে গুলীবিদ্ধ অভিযুক্ত...

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনাঃ দুই জাঁইকৈ গুলীৰে গুলীবিদ্ধ অভিযুক্ত

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে এজন ড্রাগছ মাফিয়া। মৰিগাঁৱৰ ধৰমতুল আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে ড্রাগছ মাফিয়াজন।

Advertisment

ঘটনা অনুসৰি মফিজুল হক নামৰ ধৃত ড্রাগছ মাফিয়াজনৰ পৰা আৰক্ষীৰ এছ টি এফৰ এটা দলে জব্দ কৰিছিল ডেৰ কোটি টকাৰ ড্ৰাগছ। ১৪৫ টা বাকচত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ জব্দৰ পাছতেই আৰক্ষীয়ে অভিযুক্তগৰাকীক লৈ অভিযান চলাইছিল।

অভিযানকালত আৰক্ষীক আক্ৰমণ কৰি অস্ত্ৰ লৈ পলায়ন কৰাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে দুই জাঁই কৈ গুলীৰে গুলীবিদ্ধ কৰে মফিজুলক। উল্লেখ্য মফিজুলৰ আক্ৰমণত আহত হৈছে ইন্দ্ৰজিৎ গগৈ নামৰ এজন আৰক্ষী কনিষ্টবল।

Also Read: শ্রীৰামপুৰত জব্দ লাখ টকাৰ কোৰিয়ান চিগাৰেট...

Assam police