বৰ্ণাঢ্য শোভাযাত্ৰাৰে মৰিগাঁৱত ভাষা গৌৰৱ সপ্তাহ উদযাপন...

বৰ্ণাঢ্য শোভাযাত্ৰাৰে মৰিগাঁৱত ভাষা গৌৰৱ সপ্তাহ উদযাপন...

author-image
Asomiya Pratidin
New Update
বৰ্ণাঢ্য শোভাযাত্ৰাৰে মৰিগাঁৱত ভাষা গৌৰৱ সপ্তাহ উদযাপন...

ডিজিটেল সংবাদ,মৰিগাঁওঃ ভাষা গৌৰৱ উৎসৱ উপলক্ষ্যে দেওবাৰে মৰিগাঁৱত বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মৰিগাঁৱত আয়োজন কৰা ভাষা গৌৰৱ সপ্তাহত প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ৰিগাঁও স্কুল খেলপথাৰত অয়োজিত সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।দেওবাৰে পুৱা মভাষা গৌৰব সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে।

Advertisment

উক্ত অনুষ্ঠানত ৰাইজৰ আগত কেইবাটাও মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে। বিধায়ক গৰাকীয়ে মৰিগাঁও জিলা আয়ুক্ত দেবাশীস শৰ্মাৰ উপস্থিতিতেই তেওঁৰ তৈলমৰ্দন কৰা বুলিও জনাই একাংশই।

বিধায়ক গৰাকীয়ে দেবাশীস শৰ্মাক মৰিগাঁৱৰ জোঁৱাই বুলি কোৱাতেই সীমাবদ্ধ নাথাকি তেওঁৰ ল'ৰা ছোৱালী সৰু হৈ আছে, তেওঁ মৰিগাঁৱৰ পৰা গ'লে ছোৱালী বোৱাৰীয়ে কন্দাকটা কৰিব আদি বুলিও মন্তব্য কৰে

উল্লেখ্য যে, ভাষা গৌৰৱ সপ্তাহৰ দৰে মৰ্যদাপূৰ্ণ অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত ,জিলা আৰক্ষী অধীক্ষকক তৈলমৰ্দন অনুষ্ঠানলৈ পৰ্যবসিত কৰা বিজেপিৰ বিধায়ক গৰাকীয়ে এই দুগৰাকী প্ৰশাসনিক বিষয়াক মুখ্যমন্ত্ৰীয়ে বদলি কৰিলে আমি ধৰ্ণাত বহিম বুলি বুলিও সংগতিহীন বক্তব্য প্ৰদান কৰে।

উল্লেখ্য যে এইগৰাকী বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে পূৰ্বেও একাধিকবাৰ ৰাজহুৱাকৈ মৰিগাঁও জিলা আয়ুক্ত দেবাশীস শৰ্মাক মইহে ৰাখি আছো ,মোৰ অনুগ্ৰহত হে মৰিগাঁৱত আছে বুলি ৰাইজৰ আগত প্ৰদান কৰিছিল।

morigaon