Advertisment

সম্পত্তি কেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপঃ মাতৃ গৃহতে হত্যাৰ বলি হ'ল মহিলা...

মৰিগাওঁ জিলাৰ সাপমাৰিত আজি সংঘটিত হয় নৃশংস হত্যাকাণ্ড। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলতে সংঘটিত হোৱা এই হত্যাকাণ্ডত স্বামীৰ হাততে প্ৰাণ হেৰুৱালে পত্নীয়ে।

author-image
Asomiya Pratidin
New Update
সম্পত্তি কেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপঃ মাতৃ গৃহতে হত্যাৰ বলি হ'ল মহিলা...

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাওঁ জিলাৰ সাপমাৰিত আজি সংঘটিত হয় নৃশংস হত্যাকাণ্ড। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলতে সংঘটিত হোৱা এই হত্যাকাণ্ডত স্বামীৰ হাততে প্ৰাণ হেৰুৱালে পত্নীয়ে।

Advertisment

জানিব পৰা মতে হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম ভানু দেৱী। ভানু দেৱীৰ হত্যাকাৰীৰ স্বামীৰ নাম সুভাষ বড়ো। উল্লেখ্য যে, মৰিগাঁৱৰ সাপমাৰিৰ ভানু দেৱী বিবাহপাশত আৱদ্ধ হৈছিল ৰঙিয়াৰ সুভাষ বড়োৰ লগত।

কিন্তু যোৱা দুটা মাহৰ পূৰ্বে এই স্বামী-স্ত্ৰী ৰঙিয়াৰ পৰা আহি সাপমাৰিত  মাটি ভাগ বতৰাৰ বাবে বাহৰ পাতি আছিল। ভূমি ভাগ-বতৰাক কেন্দ্ৰ কৰি পৰিয়ালটোৰ মাজত সৃষ্টি হৈছিল সংঘাতো। এই সংঘাত পাইছিলগৈ আৰক্ষী থানাও।

জানিব পৰা মতে ভানু দেৱীৰ মাতৃয়ে তেওঁৰ জীৱিত অৱস্থাত মাটি আনৰ হাতলৈ হস্তান্তৰ নকৰে বুলি উল্লেখ কৰিছিল। তাকে লৈ সৃষ্টি হৈছিল সংঘাত। এনে সংঘাতৰ বাবেই সাপমাৰিৰ পৰা গোৱালপাৰালৈ যোৱা কথা আছিল দুই স্বামী-স্ত্ৰী। 

গোৱালপাৰালৈ যাবলৈ ওলাই থকাৰ অৱস্থাতে আজি ভানুৰ স্বামী সুভাষ বড়োৱে দাৰে আক্ৰমণ কৰি হত্যা কৰে। এই হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সুভাষ বড়োৱে। অৱশ্যে আৰক্ষীয়ে অতি তৎপৰাতাৰে অভিযান চলাই হত্যাকাৰী সুভাষ বড়োক সাপমাৰিৰ পথাৰত আত্মগোপন কৰি থকাৰ পৰাই কৰায়ত্ত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে।  

 

হত্যাকাণ্ড