মৈৰাবাৰীত সৌৰ শক্তি চালিত ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন...

ইউনাইটেড ৱে অফ হায়দৰাবাদ (United Way of Hyderabad)ৰ সৌজন্যত আদৰ্শ বিদ্যালয় মৈৰাবাৰীত সৌৰ শক্তি চালিত উন্নত প্ৰযুক্তিৰ ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন।

author-image
Asomiya Pratidin
New Update
মৈৰাবাৰীত সৌৰ শক্তি চালিত ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ইউনাইটেড ৱে অফ হায়দৰাবাদ (United Way of Hyderabad)ৰ সৌজন্যত ইনভো ৰিনিউৱেল এনাৰ্জী চাৰ্ভিছেচ(Envo Renewable Energy Services)ৰ উদ্যোগত, এনইএইড(NEAID)ৰ সহযোগত মৰিগাঁও জিলাৰ লাহৰীঘাটত শিক্ষা খণ্ডৰ অন্তৰ্গত আদৰ্শ বিদ্যালয় মৈৰাবাৰীত বুধবাৰে সৌৰ শক্তি চালিত উন্নত প্ৰযুক্তিৰ ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰা হয়। পুৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মৰিগাঁও জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ আঁচনি বিষয়া লক্ষীনন্দন শইকীয়া আৰু লাহৰীঘাট শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া আবুল কাচেমে ফিটা কাটি এই সৌৰ শক্তি চালিত ডিজিটেল শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে।

Advertisment

নতুন ডিজিটেল শ্ৰেণীকোঠাটি উদ্ধোধনৰ পাছত বিদ্যালয় খনৰ শিক্ষয়িত্ৰী নৱনীতা ঘোষে ইনটেল(INTEL)ৰ দ্বাৰা প্ৰস্তুত কৰা ডিজিটেল পাঠ্যক্ৰমটি প্ৰথমটো পাঠদান ছাত্ৰ-ছাত্ৰীৰ সন্মুখত পৰিৱেশন কৰে। পাছত অনুষ্ঠিত সভাৰ আৰম্ভণিতে অধ্যক্ষ লুটফুৰ ৰহমানে আদৰ্শ বিদ্যালয় মৈৰাবাৰীৰ বিৱৰণ দি সৌৰ শক্তি চালিত উন্নত প্ৰযুক্তিৰ ডিজিটেল শ্ৰেণীকোঠাটি আগবঢ়োৱা বাবে ইউনাইটেড ৱে অফ হায়দৰাবাদকে প্ৰমুখ্য কৰি সকলো সহযোগী সংস্থাক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটিত অংশগ্ৰহন কৰি আঁচনি বিষয়া লক্ষীনন্দন শইকীয়াই এই ডিজিটেল ক্লাছৰুমৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ শিকন প্ৰক্ৰিয়া আনন্দদায়ক হ'ব আৰু বহু উপকৃত হ'ব বুলি প্ৰকাশ কৰি জিলাখনৰ সকলো বিদ্যালয়লৈ এই ডিজিটেল ক্লাছৰুম আগবঢ়াওক বুলি সংশ্লিষ্ট সংস্থা সমূহক আহ্বান জনাই।

ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বৰগীত, আধুনিক গীত, লোকগীত, বিহুনাচ, কবিতা আবৃত্তি, যোগাসন আদি বিভিন্ন সংস্কৃতিক কাৰ্যসূচীৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিত মৰিগাঁও জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ প্ৰালোচক বৰ্ষা বৰা, ইউনাইটেড ৱে অফ হায়দৰাবাদৰ কৰ্মকৰ্তা ৱাছিম আখতাৰ, নৰেশ কান্দুৰী (Naresh Kanduri), ইনভো ৰিনিউৱেল এনাৰ্জী চাৰ্ভিছেচৰ কৰ্মকৰ্তা ফজলে মুজতাবা (Fazle Muztaba), এনইএইডৰ কৰ্মকৰ্তা দিব্যজ্যোতি বৰুৱাকে আদি বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, অতিথি সহ সাত শতাধিক লোক উপস্থিত থাকে।

Also Read: এইবাৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ, হাফলঙতো হ'ব "অসম গ্ৰন্থমেলা"...

education department of assam