বিধায়কৰ ভাবুকিত প্ৰাণৰ শংকাত ভূগিছে অৱসৰ ল'বলৈ ওলোৱা কাৰ্যবাহী অভিযন্তা...

বিধায়কৰ ভাবুকিত প্ৰাণৰ শংকাত ভূগিছে অৱসৰ ল'বলৈ ওলোৱা কাৰ্যবাহী অভিযন্তা...
বিধায়কৰ ভাবুকিত প্ৰাণৰ শংকাত ভূগিছে অৱসৰ ল'বলৈ ওলোৱা কাৰ্যবাহী অভিযন্তা...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী বিধায়কৰ বাবে নিৰাপত্তাহীনতাত ভূগিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তা। বিধায়কগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ সভাতেই ৰাজহুৱাকৈ এই কাৰ্যবাহী অভিযান্তাগৰাকীক মাৰিম, পিটিম বুলি ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে।

এই ঘটনাৰে নাম জড়িত হোৱা বিধায়কগৰাকী আন কোনো নহয়, প্ৰায়ে বিতৰ্কত থাকি ভাল পোৱা মৰিগাওঁ সমষ্টিৰ ৰমাকান্ত দেউৰী। ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ এক সভা অনুষ্ঠিত হৈছিল দলংঘাট উন্নয়ন খণ্ড ভকতগাওঁ পঞ্চায়তৰ কপাহেৰা খেল পথাৰত। এই সভাত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

সভা সামৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সেই স্থানৰ পৰা যোৱাৰ পাছতে বিধায়ক ৰমাকান্ত দেউৰীয়ে কোনো কাৰণ অবিহনেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বসন্ত কুমাৰ নাথক মাৰিম, পিটিম বুলি ভাবুকি দিয়ে। অভিযোগ অনুসৰি বিধায়ক দেউৰীয়ে অভিযন্তা নাথক উদ্দেশ্যি ৰাজহুৱাকৈ কয়, - ''মাৰিম, পিটিম বেছি হৈছে তোৰ। মাতি আনি পিটিম।''

জানিব পৰা মতে বিধায়ক দেউৰীয়ে সন্দেহ কৰিছে তেওঁৰ বিৰুদ্ধে কাৰ্যবাহী অভিযন্তা বসন্ত কুমাৰ নাথে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অভিযোগ দাখিল কৰিছে। সেয়ে তেওঁ এইদৰে ধমক দিয়ে। কিন্তু অভিযন্তাগৰাকীয়ে তেনে কোনো অভিযোগ মুখ্যমন্ত্ৰী অথবা বিভাগীয় মন্ত্ৰীৰ আগত দিয়া নাই বুলি জনাইছে।

ইফালে এই কাৰ্যবাহী অভিযান্তাগৰাকীয়ে বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহৰ সন্মুখেদিয়েই কৰ্তব্যস্থলীলৈ যায়। সেয়ে 'মাতি আনিম পিটিম' বুলি ভাবুকি দিয়াৰ পাছতে তেওঁ প্ৰাণৰ শংকাত ভূগিছে।

ইফালে অৱসৰৰ বাবে মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত এইদৰে ৰাজহুৱা অনুষ্ঠানত কোনো কাৰণ নোহোৱাকৈ বিধায়কগৰাকীয়ে তেওঁক অপমানিত কৰাত মানসিকভাৱেও যথেষ্ট আঘাত পাইছে বসন্ত কুমাৰ নাথে। তেওঁ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় কয়, আমি চৰকাৰী নীতি নিয়মেৰে কাম কৰা লোক। আমাক ৰাজহুৱা ভাবুকি দিছে। যাতে এনে কাম দুনাই নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক।

এইদৰে এতিয়া এগৰাকী বিধায়কৰ সন্ত্ৰাসত অৱসৰলৈ প্ৰস্তুত হোৱা এগৰাকী কাৰ্যবাহী অভিযন্তাই শংকাত ভূগিবলগীয়া হোৱা বিষয়টো কেৱল মৰিগাওঁ সমষ্টিৰ বাবেই নহয় ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবেও এক প্ৰত্যাহ্বন স্বৰূপ। বিধায়ক দেউৰীৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগ সন্দৰ্ভত শীঘ্ৰেই তদন্ত কৰি মুখ্যমন্ত্ৰীয়ে এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in