/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/e48814bd-8aa6-4a53-bd98-7648e48708b1/155.jpg)
ডিজিটেল সংবাদ,জাগীৰোড : মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে এটা বকুল গছৰ পুলি ৰোপণেৰে জাগীৰোডত 'অমৃত বৃক্ষ ২.০’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। 'মাৰ নামত এজোপা গছ’ এই শ্লোগানেৰে চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন ২.০।
১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব ৩ কোটি গছপুলি ৰোপণৰ এই অভিযান। এই অভিযানৰ অংশ হিচাপে আজি মন্ত্ৰীগৰাকীয়ে জাগীৰোডস্থিত পৰিদৰ্শন বঙলাত এজোপা বকুল গছৰ পুলি ৰোপণ কৰি জাগীৰোডত অমৃত বৃক্ষ ২.০ৰ শুভাৰম্ভ কৰে।
গছপুলি ৰোপণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধিৰ বাবে এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰি মাতৃৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ভাৰতবৰ্ষত 'এক পেৰ মা কে নাম’ শীৰ্ষক এটা কাৰ্যসূচী আৰম্ভ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/9886835c-ce89-403f-90bd-a5a21fa26dc9/c0772bd5-56e3-4dc2-9467-85e8866aeb74.jpg)
এই কাৰ্যসূচীৰ জৰিয়তে প্ৰত্যেকেই যাতে নিজৰ মাৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। ১ আগষ্ট বৃহস্পতিবাৰে অসম চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/1c92f495-9407-4c1c-a637-ee38ad78990d/da7012ee-d242-4806-bc51-bea8659d7dae.jpg)
লগতে কয়- 'মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনা গুৱাহাটীত এই কাৰ্যসূচী শুভাৰম্ভ কৰিছিল। আজি মই জাগীৰোডত আৰম্ভ কৰিলো। মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।'
আনহাতে, শনিবাৰৰ দিনটো জাগীৰোডৰ লগতে সমগ্ৰ অসমৰ বাবে এটা ঐতিহাসিক দিন বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰিব টাটাৰ প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ।
প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই প্ৰকল্পত সংস্থাপন লাভ কৰিব প্ৰায় ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে।
Also Read: অসন্তুষ্ট বিজেপি নেতা-কৰ্মী ! গোলাঘাটত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক