/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/x5fpdbnv/228.jpg)
ডিজিটেল সংবাদ,মৰিগাঁও : মৰিগাঁও জিলাৰ মায়ঙৰ ইন্দ্ৰজাল যাদু মহোৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। ইয়াৰোপৰি উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশিস শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ননী গোপাল মহন্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/q56jhlre/456189493_1050723419754547_3019768293423083897_n.jpg)
আনহাতে নিশা যাদুৰ মঞ্চতে 'ইন্দ্ৰজাল' শীৰ্ষক স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই। মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ গুপুত ৰহস্যৰ কথা আমন্ত্ৰিত অতিথিসকলে নিজৰ বক্তব্যত উল্লেখ কৰে। যাৰ কাৰণে আজিও সমগ্ৰ পৃথিৱীতে মায়ঙৰ যাদু বিদ্যাৰ কথা চৰ্চা হৈ থাকে বুলি বক্তব্যত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/080nehj2/455937951_1050723459754543_4880499366972104605_n.jpg)
যাদু উপভোগ কৰি মন্ত্ৰীগৰাকীয়ে নিজ বক্তব্য কয় যে, এই মহোৎসৱে মায়ঙৰ প্ৰাচীন যাদুবিদ্যাৰ গৌৰৱময় ঐতিহ্য আৰু সোণসেৰীয়া সভ্যতা সংস্কৃতিক আধুনিক পৰ্যটনৰ দৃষ্টিকোণেৰে বিশ্বৰ দৰবাৰত উন্মোচিত কৰিব। লগতে কয়- মধ্যযুগৰে পৰা যাদু বিদ্যাৰ কেন্দ্ৰ হিচাপে মৰিগাঁও জিলাৰ মায়ং অঞ্চল প্ৰসিদ্ধ হৈ আহিছে ৷ শিক্ষা, পৰ্যটন আদি বিভিন্ন দিশতো মায়ঙে বিশেষ তাৎপৰ্য বহন কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/p2i5uqz4/455687899_1050723586421197_3386643449899091774_n.jpg)
মায়ঙৰ চহকী ঐতিহ্য, বৰ্ণিল লোক-সংস্কৃতি আৰু সমৃদ্ধ ইতিহাসক বিশ্বমুখী কৰাৰ মানসেৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মায়ঙৰ ৰাইজৰ সহযোগত আয়োজন কৰা "মায়ং ইন্দ্ৰজাল মহোৎসৱ"ত উপস্থিত থাকি আপ্লুত হ’লো বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-19/2pvxf7my/456301251_1050723243087898_6399993983972648838_n.jpg)
উল্লেখযোগ্য যে যাদু মহোৎসৱৰ সামৰণি অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলৰ উপৰি হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিত থাকে। অনুষ্ঠানত যাদু সম্ৰাট বিক্ৰম আৰু মায়ঙৰ চাৰি গৰাকী যাদুকৰে যাদু প্ৰদৰ্শন কৰে। নিশাৰ ভাগত আতছবাজী আৰু জোৰ প্ৰজ্বলন কৰা হয়।
Also Read: হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য : কোনটো ব্ৰেণ্ডৰ দাম কিমান কমিল...