শিক্ষকৰ বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শিক্ষাৰ্থী, অভিভাৱকৰ প্ৰতিবাদ...

বদলিৰ নিৰ্দেশ বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ

author-image
Asomiya Pratidin
New Update
শিক্ষকৰ বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শিক্ষাৰ্থী, অভিভাৱকৰ প্ৰতিবাদ...

শিক্ষকৰ বদলিৰ নিৰ্দেশ বাতিলৰ দাবীৰে শিক্ষাৰ্থী, অভিভাৱকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ মায়ংঃ মায়ঙৰ স্বৰ্ণ বিদ্যাপীঠ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকক হঠাৎ বদলি কৰাক লৈ আজি শিক্ষাৰ্থীসকে বিক্ষোভ প্ৰদৰ্শন কৰি শ্ৰেণী বৰ্জন কৰে। বিদ্যালয়খনৰ প্ৰায় ৭০০ শিক্ষাৰ্থীয়ে শিক্ষকগৰাকীৰ বদলিকৰণৰ বিৰোধিতা কৰে।

Advertisment

উল্লেখ্য যে, মায়ঙৰ স্বৰ্ণ বিদ্যাপীঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিতেশ ভূঞাক বদলিৰ এক নিৰ্দেশ আহিছে। তেওঁক হঠাৎ এইদৰে বদলি কৰাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ উমান পাইছে স্থানীয় ৰাইজে।

সেয়ে আদৰ্শবান শিক্ষক হিতাশ ভূঞাৰ এই বদলিকৰণৰ বিৰোধিতা কৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে। কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত স্বৰ্ণ বিদ্যাপীঠ মাধ্যমিক বিদ্যালয়ৰ এই শিক্ষকগৰাকীৰ বদলিৰ নিৰ্দেশ বাতিল নকৰা পৰ্যন্ত এইদৰে প্ৰতিবাদ তথা শ্ৰেণী বৰ্জন কাৰ্যসূচী অব্যাহত থাকিব বুলিও জনাইছে শিক্ষাৰ্থী তথা স্থানীয় ৰাইজে।

স্মৰ্তব্য যে,অলপতে শিক্ষক হিতেশ ভূঞাই ৰাইজৰ স্বাৰ্থত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। কামৰূপ মহানগৰ জিলাৰ পৰা পশ্চিম মায়ং গাঁও পঞ্চায়তক মৰিগাঁও জিলাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল ভূঞাই।

আদৰ্শবান এই শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ ছুটিৰ পিছত সততে ৰাজহুৱা কামত জড়িত হৈ পৰে। বিদ্যালয় কোনো দিনেই ক্ষতি নকৰাকৈ তেওঁ ৰাজহুৱা কামকাজত অতি সক্ৰিয় বাবে স্থানীয় ৰাইজেও তেওঁক যথেষ্ট সন্মান কৰে।

ছাত্ৰ-ছাত্ৰীৰো অতি প্ৰিয় শিক্ষক ভূঞা। সেয়ে তেওঁৰ এই বদলিৰ নিৰ্দেশ স্থগিত তথা বাতিল কৰিবলৈ তেওঁলোকে দাবী জনাইছে। অন্যথা আগন্তুক দিনত শ্ৰেণী বৰ্জনৰ দৰে কাৰ্যসূচী অব্যাহত থাকিব বুলি সকিয়াই দিয়ে।

মন কৰিবলগীয়া যে, এই বিদ্যালয়খনত শ্ৰেণী অনুপাতে শিক্ষকৰ সংখ্যাও যথেষ্ট কম। প্ৰায় ৭০০ শিক্ষাৰ্থীৰ বিপৰীতে আছে মাত্ৰ ১১ জন শিক্ষক।

Also Read: ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত একো নাজানে দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে...

মায়ং শিক্ষকৰ বদলি শিক্ষাৰ্থীৰ প্ৰতিবাদ