পবিতৰাৰ বান পৰিস্থিতিৰ বুজ ল'লে আছুৰ সভাপতি উৎপল শৰ্মাই

পবিতৰাৰ বান পৰিস্থিতিৰ বুজ ল'লে আছুৰ সভাপতি উৎপল শৰ্মাই

author-image
Asomiya Pratidin
New Update
পবিতৰাৰ বান পৰিস্থিতিৰ বুজ ল'লে আছুৰ সভাপতি উৎপল শৰ্মাই

ডিজিটেল সংবাদ,মায়ংঃ বুধবাৰে পবিতৰাৰ বান পৰিস্থিতিৰ বুজ লোৱা উদ্দেশ্যে উপস্থিত হয় আছুৰ সভাপতি উৎপল শৰ্মা। মেচিন চালিত নাৱেৰে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি পবিতৰাৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আছুৰ সভাপতিগৰাকীয়ে।লগতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি ৰাজ্যৰ বানপানীক লৈ প্ৰধানমন্ত্ৰী চিন্তিত নহয় বুলিও মন্তব্য কৰে।

Advertisment

ইয়াৰোপৰি অমিত শ্বাহে বান নিয়ন্ত্ৰণৰ বাবে পুখুৰী খান্দিবলৈ কোৱা কথাকো সমালোচনা কৰে দলৰ নেতা সকলে।এই সময়ছোৱাত উৎপল শৰ্মাক সংগ দিয়ে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ,সাংগঠনিক সম্পাদক ৰূপ জ্যোতি মেধিৰ লগতে কেবাগৰাকী নেতৃত্বই।

Also Read: বানৰ কবলত মানকাচৰৰ দুই শতাধিক গাঁও...

POBITORA FLOOD mayong