মায়ঙত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ চকু ও স্বাস্থ্য পৰীক্ষা শিবিৰ

মায়ঙত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ চকু ও স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ, মায়ংঃ উত্তৰ-পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ উদ্যোগত মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰু মায়ং আঞ্চলিক ক্রীড়া সন্থাৰ ব্যৱস্থাপনাত মঙলবাৰে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত এটি চকু আৰু স্বাস্থ্যপৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত শিবিৰ উদ্বোধনী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত বিমান দাসে অংশগ্ৰহণ কৰি শিবিৰটি মুকলি কৰে।

মায়ং আঞ্চলিক ক্রীড়া সন্থাৰ সম্পাদক মনোজ নাথে আঁত ধৰা সভাখনিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণ কুমাৰ বৰা, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমেন কলিতা, মায়ং মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° ফনি ভূষণ নাথ আৰু বনাঞ্চলিক বিষয়া নয়নজ্যোতি দাসে। মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ চকু চিকিৎসা সমিতিৰ নডেল অফিচাৰ পিনাকি ভূষণ মহন্তই অংশ গ্ৰহণ কৰি চকু চিকিৎসা শিবিৰ সম্পৰ্কে উল্লেখ কৰাৰ লগতে চকু চিকিৎসাৰ ক্ষেত্ৰত ১৯৫০ চনৰ পৰা শ্ৰীমন্ত শঙ্কৰ মিশ্যনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কত আলোকপাত কৰে।

সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকা, শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শর্মা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মহানন্দ বৰা, মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ৰাজেন শ‍ইকীয়া, হিৰণ্য বৰা, হৰিপ্ৰসাদ বৰা, ৰাজেন নাথ, মুকুট বিষয়া, মৰিগাঁও জিলা গ্রাম্য পুথিভঁড়াল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতিকে প্ৰমুখ্য কৰি ভালেমান গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

মায়ং অঞ্চলৰ প্ৰায় দুই-শতাধিক লোকে অংশগ্ৰহণ কৰা এই চকু আৰু স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসক হিচাবে উপস্থিত থাকে ক্ৰমে উপেন ঠাকুৰীয়া, নিতুন দাস, গৌতম জ্যোতি বৰা আৰু চকু চিকিৎসাৰ সহায়ক মনি ডেকাই। শিবিৰত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ এটি চিকিৎসাকর্মী দলেও অংশগ্রহণ কৰে।

মায়ঙত শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ চকু ও স্বাস্থ্য পৰীক্ষা শিবিৰ
মৰিগাঁৱৰ শিমলুগুৰিত "নৃত্যাংগনা ডাঞ্চ একাডেমী" শীৰ্ষক বিদ্যালয়ৰ শুভাৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in