মায়ং কলেজত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য

মায়ং কলেজত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য

ডিজিটেল সংবাদ, মায়ং: ৰাজ্যত দূৰ আৰু মুক্ত শিক্ষাৰ যোগেদি সমগ্ৰ ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ বৃদ্ধিৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ দূৰ আৰু মুক্ত শিক্ষাৰ বিশ্ববিদ্যালয় কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ে। চলিত শৈক্ষিক বৰ্ষত ৰাজ্যখনৰ মুঠ এক লাখ শিক্ষাৰ্থীক বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্ৰমৰ সৈতে সামৰি লোৱাৰ লক্ষ্য আগত ৰাখিছে বিশ্ববিদ্যালয়খনে।

এই উদ্দেশ্য আগত ৰাখিয়ে আজি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ নেতৃত্বত এটা শৈক্ষিক দলে মায়ং কলেজত উপস্থিত হয়। উপাচাৰ্য অধ্যাপক দাসৰ ওপৰিও অধ্যয়ন কেন্দ্ৰসমূহৰ ডীন ড° দিব্যজ্যোতি মহন্ত আৰু বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড° নবাংকুৰ পাঠকো উপস্থিত থাকে।

শৈক্ষিক দলটোৱে মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰা আৰু মহাবিদ্যালয়খনৰ কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ড° ৰঞ্জন টিমচিনাৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰত পঞ্জীয়নৰ সম্পৰ্কত বুজ লয়। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ২০৩৫ চনৰ ভিতৰত ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদিহে সম্ভৱপৰ হ'ব বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে এইক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ আহ্বান জনায় মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়কগৰাকীক।

বিভিন্ন কাৰণত উচ্চ শিক্ষাৰ পৰা বঞ্চিত মায়ং অঞ্চলৰ সৰ্বস্তৰৰ লোকক কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'বলৈ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ ল'বলৈ মহাবিদ্যালয়খনক পৰামৰ্শ আগবঢ়ায় তেওঁ‌। সমান্তৰালভাৱে মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীসকলকো দ্বৈত ডিগ্ৰীৰ সুযোগ গ্ৰহণ কৰাৰ বাবে সজাগতা সৃষ্টিৰ আহ্বান জনায় অধ্যয়ন কেন্দ্ৰসমূহৰ ডীন ড° দিব্যজ্যোতি মহন্তই। সমান্তৰালভাৱে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশ সন্দৰ্ভতো সম্যক ধাৰণা দাঙি ধৰে তেওঁ‌।

মায়ং কলেজত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য
আভ্যন্তৰীণ কন্দলে জোকাৰিছে বিজেপিক! শীৰ্ষ নেতৃত্বৰ কাষত এজনৰ পাছত আনজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in