কৰুণ: মায়ঙৰ পাতেকীবৰীত একেটা পৰিয়ালৰ দুটি শিশুৰ মৃত্যু...

মৰিগাঁও জিলাৰ মায়ঙৰ পাতেকীবৰীত সোমবাৰে দুপৰীয়া এক কৰুণ ঘটনা সংঘটিত হয়
কৰুণ: মায়ঙৰ পাতেকীবৰীত একেটা পৰিয়ালৰ দুটি শিশুৰ মৃত্যু...

ডিজিটেল ডেস্ক, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ পাতেকীবৰীত সোমবাৰে দুপৰীয়া এক কৰুণ ঘটনা সংঘটিত হয়। মায়ং থানাৰ অন্তৰ্গত পাভকাতি পঞ্চায়তৰ দীঘলীবিলত গা-ধুই থকা অৱস্থাত বিলখনৰ এটা দ-অংশত ডুবি দুটি শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।

শিশু দুটিৰ নাম জাহিদুল ইছলাম (৬) আৰু ফাৰিহা চুলতানা (৩)। পাভকাতিৰ পাতেকীবৰীৰ এন বি আই ইটা ভাটাৰ শ্ৰমিক মফিদুল ইছলামৰ পুত্ৰ-কন্যা আছিল মৃত শিশু দুটি। আন আন শিশুৰ দৰেই ইটা ভাটাৰ সন্মুখত থকা বিলৰ পানীত খেলি থাকোতে শোকাৱহ ঘটনাটো সংঘটিত হয়।

বহু সময় পিছতহে ইটা ভাটাৰ শ্ৰমিক তথা শিশু দুটিৰ মাতৃ আৰু আন শ্ৰমিক সকলে খবৰ পাই বিলৰ পাৰলৈ গৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মায়ং আৰক্ষী আৰু দণ্ডাধীশ গৌতম ভাস্কৰ উপস্থিত হয়। মৃত শিশু দুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষী আৰু দণ্ডাধীশ গৰাকীয়ে।

আনহাতে ৰোজাৰ মাহ আৰু কনমানি শিশু হোৱাৰ বাবে পিতৃ-মাতৃৰ লগতে গাঁওবাসীয়ে দণ্ডাধীশ গৰাকীক মৰণোত্তৰ পৰীক্ষা নকৰিবৰ বাবে কাতৰ অনুৰোধ কৰে। পিছে বহু সময়ৰ বুজনিৰ পিছত জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ পৰামৰ্শ ক্ৰমে শিশু দুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰিয়ালৰ ফালৰ পৰা সঁহাৰি লাভ কৰে।

উল্লেখ্য যে, মায়ং ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনত য'তে ত'তে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইটা ভাটা সমূহত শ-শ শিশু শ্ৰমিক কামত নিয়োজিত হৈ থকা দেখা যায়। পিছে এই সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা কোনো পদক্ষেপ নোলোৱাত আক্ষেপ প্ৰদান কৰে স্থানীয় ৰাইজে।

কৰুণ: মায়ঙৰ পাতেকীবৰীত একেটা পৰিয়ালৰ দুটি শিশুৰ মৃত্যু...
এইবাৰ টকা দেখুৱাই মুকেশ আম্বানীয়ে কৰিলে এপ্ৰিল ফুল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in