/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/6b9ffa47-185e-4a61-b8bc-2711c716dacf/Mayong_Bihu.jpg)
ডিজিটেল ডেস্ক, মায়ং : মায়ঙৰ ঝাৰগাঁও পঞ্চায়তৰ উদ্যোগত ৰাইজৰ সহযোগত অহা ১৫ মে'ৰ দিনা আয়োজন কৰা হৈছে ব'হাগী বিদায় কাৰ্যসূচীৰ। য'ত একেলগে ৫০০ নাচনীয়ে বিহু নাচিব। ৰিনিকি ৰিনিকি বিহু গীতটোত নাচ প্ৰদৰ্শন কৰিব নাচনি সকলে।
অহা ১৫ মে'ৰ দিনা বিয়লিৰ ভাগত ঝাৰগাঁও লক্ষী মন্দিৰ চৌহদৰ বিহু তলীত নাচিব এই সকল নাচনিয়ে। তাৰেই আখৰা চলিছে দৈপৰা স্কুল খেলপথাৰত। সৰুসঁজাই ষ্টেডিয়ামত বিহু নাচি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হোৱা দলটোৰ পাঁচ গৰাকী নাচনিয়ে প্ৰতিদিনে প্ৰশিক্ষণ প্ৰদান কৰিছে নাচনীসকলক।
ব'হাগী বিদায় অনুষ্ঠান পাতিবৰ বাবে ককালত টঙালি বান্ধিছে মহিলা সকলে। গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মীমাই কেলেঙে এইক্ষেত্ৰত উদ্যোগ লৈছে। মুঠৰ ওপৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মায়ঙৰ ঝাৰগাঁও পঞ্চায়ত।
Also Read: অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us