/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/debcdd19-6d4b-44a7-a8cd-efaf23a1e5e4/267.jpg)
ডিজিটেল সংবাদ, মায়ং : পবিতৰাত দেওবাৰে বিয়লিৰ ভাগত এজন হাতী মাউতৰ মৃত্যু হয়। মাউতজনৰ নাম প্ৰনৱজ্যোতি ডেকা বুলি জানিব পৰা গৈছে।
জাগীৰোড থানাৰ অন্তৰ্গত নবহতীয়া গাঁৱৰ যুৱক প্ৰনৱ জ্যোতি ডেকা পবিতৰাৰ মৃগৰাজ নামৰ হাতীটোৰ মাউত আছিল। আন দিনাৰ দৰে দেওবাৰেও সতীৰ্থসকলৰ সতে পবিতৰাৰ হাডুক বিলত হাতীক গা ধুৱাবলৈ পানীত নামিছিল।
গা ধুৱাই থাকোতে অকস্মাত হাতীটোৰ পিঠিৰ পৰা প্ৰনৱ পিছল খাই পৰে। তাৰ পিছতেই হাডুক বিলত নিখোজ হৈ পৰে। লগে লগে সতীৰ্থ আৰু পবিতৰাৰ বন কৰ্মীসকলৰ মাজত হুৱাদুৱা লাগে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/30c22995-9675-4cd7-a4d7-0fb3effde480/3491eb23-64b0-4c35-bf43-077b5bcf22e4.jpg)
ঘটনাৰ প্ৰায় এক ঘন্টা পাছতে প্ৰনৱৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব পৰামতে পবিতৰাৰ পৰা প্ৰনৱৰ মৃতদেহ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4e50bade-9116-431b-be09-29fd4873b2ae/03d682ec-2143-4cc5-bcf5-46c288f1ccf3.jpg)
উল্লেখযোগ্য যে এবছৰ পূৰ্বে মাষ্টাৰৰোল কৰ্মচাৰী হিচাপে পবিতৰাত যোগদান কৰিছিল প্ৰনৱে। প্ৰনৱৰ মৃত্যুৰ খবৰ পাই পৰিয়ালটো কান্দোনত ভাগি পৰে। ইফালে বন বিভাগে প্ৰনৱৰ মৃত্যুত শোক প্ৰকাশ কৰে।
Also Read: লোকসভা নিৰ্বাচন : আজি দেশৰ ৮ ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব...