/asomiyapratidin/media/media_files/2025/02/24/75tJuBa71spV0mGHX8oE.jpg)
ডিজিটেল সংবাদ মায়ংঃ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মায়ঙৰ ধিপুজি জানপাৰ এলেকাৰ পৰা কুম্ভমেলালৈ তীৰ্থ ভ্ৰমণৰ বাবে যোৱা এখন পিক আপ ভান পশ্চিম বংগৰ নক্সালবাৰী এলেকাত দুৰ্ঘটনাগ্ৰস্ত হৈ তিনি জন তীৰ্থ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন দহ জন গুৰুতৰভাবে আহত হয়।নিহত লোক তিনিজন নিৰঞ্জন সৰকাৰ, ৰঞ্জু বিশ্বাস আৰু অমৃত বিশ্বাস বুলি জানিব পৰা গৈছে।
আহতসকলৰ ভিতৰত যি কেইজনৰ নাম পোৱা গৈছে তেওঁলোক হ'ল ৰামলাল বিশ্বাস, ৰেপতি সেন,প্ৰদীপ ক্ষেত্ৰীয়,ৰবি মালু, শ্ৰীকান্ত বিশ্বাস, নেহেৰু বিশ্বাস।বাকী চাৰি জনৰ নাম এতিয়াও লাভ কৰিব পৰা নাই । ইয়াৰে ভিতৰত ছয় জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৬ মান বজাত পশ্চিম বংগৰ নক্সালবাৰী এলেকাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা এখন পাঞ্জাৱ বদী ট্ৰাকে পিক আপ ভান খনক খুন্দা মৰাৰ ফলত উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই থিতাতে নিহত হয় নিৰঞ্জন সৰকাৰৰ ।
বাকী আহতসকলক ততাতৈয়াকৈ পিক আপ ভানখনৰ ভিতৰৰ পৰা কোনোমতে টানি উলিয়াই স্থানীয় লোকৰ সহযোগত নক্সালবাৰী থানাৰ আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা অন্য এখন বাহনেৰে কঢ়িয়াই নি স্থানীয় উত্তৰ বংগ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসালয়ত ৰঞ্জিত বিশ্বাস আৰু চালক অমৃত বিশ্বাসৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে।
আটাইকেইজনৰ ঘৰ কামৰূপ মহানগৰ জিলাৰ প্ৰাগজ্যোতিষ থানাৰ অন্তৰ্গত পশ্চিম মায়ঙৰ ধিপুজী জানপাৰত আৰু এজনৰ ঘৰ মায়ঙৰ বুৰগাৱত। উল্লেখ্য যে কালি দিনৰ ১১ মান বজাত আটাইকেইজন লোক ঘৰৰ পৰা ওলাই গৈছিল মহাকুম্ভ মেলালৈ।
গোটেই নিশা গাড়ী চলাই গৈ থাকি আজি পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হয় বাহনখন। দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজনৰ ঘৰত এতিয়া শোকাকুল পৰিবেশ। পশ্চিম বংগৰ পৰা আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ বাবে আহত সকলৰ পৰিয়ালৰ লোকে অসম চৰকাৰক অনুৰোধ জনাইছে।দুৰ্ঘটনাত তিনি জনকৈ লোকৰ মৃত্যু আৰু আন দহ জন আহত হোৱাৰ খৱৰে পশ্চিম মায়ং এলেকাত শোকৰ ছাঁ পেলাইছে।