অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ছকুৰি ছহিদৰ স্মৃতি সোঁৱৰণ...

অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ছকুৰি ছহিদৰ স্মৃতি সোঁৱৰণ...
অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ছকুৰি ছহিদৰ স্মৃতি সোঁৱৰণ...

ডিজিটেল সংবাদ বেবেজীয়াঃ ১৯৮৩ চনৰ ১ মাৰ্চত বৃহত্তৰ ৰহা অঞ্চলৰ ছকুৰি পাহুৱাল ডেকাই অসম মাতৃৰ হকে নিজৰ অমূল্য জীৱন দিয়া এই দিনটো প্ৰতিবছৰে ৰহা আঞ্চলিক ছাত্র সন্থাই স্থানীয় ছহিদ দিৱস হিচাপে উদযাপন কৰি আহিছে। আজিও ৰহাৰ দীঘলদৰিত ৰহা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু দীঘলদৰি শাখা ছাত্র সন্থা আৰু দীঘলদৰি ডি কে বি ক্লাৱৰ সহযোগত ছহিদ দিৱস উদযাপন কৰি ছকুৰি ছহিদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।

এই উপলক্ষে নগাঁও জিলা ছাত্র সন্থাৰ উপ-সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে পতাকা উত্তোলন কৰাৰ পিছতে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি মহান ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয়। ছহিদ দিৱসৰ লগত সংগতি ৰাখি মধ্য অসম ভিত্তিত এখন দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

ইপিনে সন্ধিয়া ৰহা নতুন চাৰিআলিৰ আছুৰ ছহিদ বেদী আৰু চাপৰমুখৰ ছহিদ বেদীতো বন্তি প্ৰজ্বলন কৰা হয়। ছহিদ দিৱসৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি,সাধাৰণ সম্পাদক ভাৰত বৰুৱা, নগাঁও জিলা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক জ্যোতিমণি নাথ আদি উপস্থিত থাকে।

অস্তিত্ব ৰক্ষাৰ আন্দোলনত আত্মবলিদান দিয়া ছকুৰি ছহিদৰ স্মৃতি সোঁৱৰণ...
জুবিনৰ পৰা অসমীয়া চিনেমালৈ, OLA- Uber ৰ পৰা Rapido লৈ, ক'তো নাই পেছাদাৰীত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in