/asomiyapratidin/media/media_files/2025/04/12/1YPHeA9bXPOdeZbGZmLa.jpg)
ডিজিটেল ডেস্কঃ সাধাৰণ এপেকেট বিস্কুটৰ বাবেই প্ৰাণ গ’ল এজন লোকৰ৷ দহ টকীয়া এপেকেট বিস্কুটেই কাল অমানিশা নমাই আনিলে এটা পৰিয়াললৈ৷ শুনি আচৰিত যেন লাগিলেও এইখন অসমতে এনে এক ঘটনা সংঘটিত হৈছে।
এপেকেট বিস্কুটৰ বাবেই উপৰ্যুপৰি আক্ৰমণ কৰি প্ৰাণ কাঢ়ি নিলে জাগীৰোডৰ এজন শ্ৰমিকৰ৷ অভিযোগ অনুসৰি জাগীৰোডৰ ঘুনুচা হাবী গাঁৱৰ ৰাজু হৰিজন নামৰ প্ৰায় ৪২ বছৰীয়া দিন হাজিৰা কৰা লোকজনক বাৰীৰ বেৰ দিয়াৰ কামত নিয়োজিত কৰিছিল জাগীৰোডৰ কণাবঢ়ি গাঁৱৰ কুন্দল দেউৰী নামৰ লোকজনে৷
যোৱা ৭ এপ্ৰিল, ২০২৫ত সন্ধিয়া কাম শেষ কৰাৰ পাছত কুন্দল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক দিছিল চাহ আৰু বিস্কুট খাবলৈ ১০ টকা৷ কিন্তু দহ টকাৰ বিপৰিতে ৰাজুৱে কুন্দল দেউৰীৰ পৰা বিচাৰিছিল ২০ টকা৷
তাতেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ৷ এটা সময়ত এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে। দুয়োৰে বাকবিতণ্ডাৰ মাজতে কুন্দল দেউৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে শ্ৰমিক ৰাজুক৷
আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু৷ পাছত অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতে ই-ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুন্দল দেউৰীয়ে।
ইয়াৰ পাছত মুমূৰ্ষু অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে লৈ যায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ৷ কিন্তু জীৱন যুঁজত হাৰ মানি বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৰাজুৱে৷
ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুন্দল দেউৰীক অৱগত কৰিছিল যদিও কোনো খবৰ নোলোৱাৰ অভিযোগ কুন্দলৰ বিৰুদ্ধে৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয়৷
অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে সকলোৱে৷ এই ঘটনাই এতিয়া বিভিন্ন প্ৰশ্নৰো সৃষ্টি কৰিছে। মানুহৰ সহনশীলতা, মানৱীয়তা আদি ক্ৰমশঃ হেৰাই যোৱাৰ উপক্ৰম হৈছে। সাধাৰণ ১০ টকীয়া এপেকেট বিস্কুটৰ বাবেই এজন শ্ৰমিকক নিৰ্মম প্ৰহাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই ঘটনাত মানৱীয়তাৰ চূড়ান্ত অৱক্ষয় স্পষ্ট হৈ পৰিছে।