/asomiyapratidin/media/media_files/2025/02/01/5LDNn6NxEBxfMP6aNcuQ.jpg)
ডিজিটেল সংবাদ মায়ংঃ অসম চৰকাৰৰ ভূ-তত্ব আৰু খনন সঞ্চালকালয় বিভাগৰ দ্বাৰা মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক হাতীউঠা পাহাৰখন খনন কৰি গ্ৰেনাইট প্ৰস্তুত কৰাৰ বাবে যি নিবিদা আহ্বান কৰিছে তাকে লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি হৈছে।
পাহাৰ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহিছে। হাতী উঠা অঞ্চলৰ ৰাইজৰ আবেগ আৰু সাহসৰ প্ৰতীক হাতীউঠা পাহাৰখন সুৰক্ষিত হৈ থকাটো বিচাৰিছে ৰাইজে।
তেওঁলোকে অসমৰ সম্পদ এপদ এপদকৈ বিক্ৰী কৰাৰ দৰে হাতীউঠা পাহাৰখন বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদ কৰিছে। প্ৰয়োজন হলে ইয়াৰ প্ৰতিৰোধৰ বাবে জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে স্থানীয় লোকসকলে।
পাহাৰ ধ্বংসৰ বিৰুদ্ধে স্থানীয় ৰাইজ আজি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। জিলাখনৰ বিভিন্ন দল,সংগঠনৰ নেতৃত্বও ৰাইজৰ এই প্ৰতিবাদৰ অংশীদাৰ হৈছে।