/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/gwejkpuz/65d0938e-213f-458a-aa3b-f988d1d7c52a.jpg)
ডিজিটেল সংবাদ,মৰিগাঁও : মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে মঙলবাৰে ভুৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়'ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস পালন কৰে। উক্ত অনুষ্ঠানত খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক আৰু ব্লকৰ আচঁনি প্ৰবন্ধক জিলা সংবাদ অভিগ্য বিষয়া লগতে কমিউনিটি হেল্থ অফিচাৰ,আশা, আশা তত্ত্বাৱধায়কৰ লগতে স্বাস্থ্য বিভাগৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
আয়’ডিনৰ অভাৱ প্ৰতিৰোধৰ বাবে আয়’ডযুক্ত নিমখ সেৱনৰ গুৰুত্বৰ ওপৰত সজাগতা বৃদ্ধি কৰা লগতে আয়’ডিনৰ অভাৱ হোৱাটো যে এক প্ৰতিৰোধ যোগ্য স্বাস্থ্যজনিত সমস্যা বুলি অবগত কৰাই আছিল মূল উদ্দেশ্য। আয়’ডিনযুক্ত নিমখৰ সাৰ্বজনীন সুবিধা নিশ্চিত কৰাৰ বাবে সামূহিক ব্যৱস্থা গ্ৰহণৰ আহ্বানত আয়’ডিন পৰিপূৰক প্ৰসাৰ আৰু আয়’ডিনৰ অভাৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/bayc5ig8/82583cf6-bc8e-42a8-8176-81911a0856ab.jpg)
আনহাতে স্বাস্থ্যসেৱাসমূহ শক্তিশালী কৰাৰ লগতে সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ বাবেও আলোচনা কৰা হয়। আয়’ডিনৰ অভাৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ জড়িততাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ উক্ত অনুষ্ঠানত অনুৰোধ জনায়। সজাগতা দিৱসৰ অন্তত উপস্থিত সকলো মিলি ভুৰবন্ধা অঞ্চলত এক সজাগতা ৰেলী প্ৰদৰ্শন কৰা হয়।