গৰু চুৰিৰ সন্দেহত এজনক প্ৰহাৰঃ জ্বলাই দিলে চাৰিচকীয়া বাহন...

মায়ঙৰ তেতেলিগুৰিত উত্তেজনা

author-image
Asomiya Pratidin
New Update
গৰু চুৰিৰ সন্দেহত এজনক প্ৰহাৰঃ জ্বলাই দিলে চাৰিচকীয়া বাহন...

গৰু চুৰিৰ সন্দেহত এজনক প্ৰহাৰঃ জ্বলাই দিলে চাৰিচকীয়া বাহন...

ডিজিটেল ডেস্কঃ মায়ঙৰ তেতেলিগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গৰু চুৰিৰ সন্দেহত ৰাইজে এজন লোকক আটক কৰি প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিলে এখন বাহন। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তজনাই বিৰাজ কৰিছে।

Advertisment

উল্লেখ্য যে, মায়ঙৰ তেতেলিগুৰিত নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে অভিযোগ উঠিছে জহুৰ আলী নামৰ এজন লোকে এখন বাহনৰ সৈতে গৰু চুৰি কৰিবলৈ গৈছিল। সেই সময়তে ৰাইজে জহুৰ আলীক আটক কৰে আৰু উত্তেজিত ৰাইজে জহুৰ আলীক উত্তম মাধ্যম দি এটা ঘৰত আবদ্ধ কৰি ৰাখে।

ইফালে আন এক খবৰ অনুসৰি আকৌ ৰাইজে প্ৰথমে গৰু চুৰিৰ অভিযোগত AS 01 RC 7551নম্বৰৰ এখন বাহন জব্দ কৰি উত্তেজিত হৈ জ্বলাই দিয়ে। ইয়াৰ পাছতে জহুৰ আলীয়ে কিয় বাহনখন জ্বলাই দিয়ে বুলি প্ৰশ্ন কৰিবলৈ যায়।

তাৰ পাছতেই উত্তেজিত ৰাইজ জহুৰ আলীক গৰু চোৰৰ সন্দেহত আটকল কৰি প্ৰহাৰ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ জহুৰ আলীক উদ্ধাৰ কৰি আটক কৰে। সমান্তৰালকৈ জ্বলাই দিয়া বাহনখনো উদ্ধাৰ কৰি আনি জব্দ কৰে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

Also Read: ভাৰতীয় ষ্টাৰ্টাআপলৈ বিনিয়োগকাৰীৰ আকৰ্ষণঃ এটা সপ্তাহত ৩০০ শতাংশৰো অধিক পুঁজি সংগ্ৰহ...

মায়ং গৰু চুৰি