গাগলমাৰী আশীঘৰ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ আৰু গৃহ প্ৰৱেশ অনুষ্ঠান

গাগলমাৰী আশীঘৰ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতি খনেও দুই শতাধিক ৰাইজৰ উপস্থিতিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি কাৰ্যভাৰ গ্ৰহণ কৰে আৰু কাৰ্যালয় গৃহত প্ৰৱেশ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মায়ংঃ   মৰিগাঁও জিলাৰ আন আন গাঁও পঞ্চায়তৰ দৰে মায়ং উন্নয়ন খণ্ডৰ অধীনস্থ গাগলমাৰী আশীঘৰ গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতি খনেও দুই শতাধিক ৰাইজৰ উপস্থিতিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি কাৰ্যভাৰ গ্ৰহণ কৰে আৰু কাৰ্যালয় গৃহত প্ৰৱেশ কৰে।

Advertisment

জ্যেষ্ঠ নাগৰিক তাৰামোহন সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে গাঁও পঞ্চায়ত খনৰ সচিব অংকুৰ বৰুৱাই। পঞ্চায়তৰ সমূহীয়া ভৱনত অনুষ্ঠিত হোৱা সভা খনত গাঁও পঞ্চায়তৰ নব নিৰ্বাচিত সভাপতি শান্তি ৰঞ্জন মণ্ডল ,কাউন্সিলৰ সুজিত বিশ্বাস আৰু ৱাৰ্ড সদস্য সদস্যা সকলক ৰাইজৰ তৰপৰ পৰা একোখনকৈ গামোচাৰে আদৰণি জনায়।

সভাত উপস্থিত থাকি গঠন মূলক সমাজ কৰ্মী বাবুল কৰ্মকাৰ,প্ৰাক্তন সভাপতি লক্ষণ সৰকাৰ, মায়ং মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী মনিকা দাস আৰু সাংবাদিক নজৰুল ইছলামে।গাগলমাৰী আশীঘৰ গাঁও পঞ্চায়তৰ বিগত কাৰ্যকালত যি খিনি উন্নয়ন মূলক কামকাজ সম্পূৰ্ণ হৈছিল তাৰ তুলনাত অধিক ভাল কাম কৰি ৰাইজৰ আশা আকাংক্ষা পুৰণ কৰাৰ বাবে আহ্বান জনাই আটাইকেইজন অতিথিয়ে।।

ইয়াৰ পিছতেই নব নিৰ্বাচিত সভাপতি শান্তি ৰঞ্জন মণ্ডলে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত ফিটা কাটি কাৰ্যালয়ত প্ৰৱেশ কৰি সভাপতিৰ আসনত বহে। সভাত উপস্থিত থাকে পাভকাতি গাঁও পঞ্চায়তৰ সভাপতি যুধিষ্ঠিৰ বিশ্বাস, বুৰগাও পঞ্চায়তৰ সভানেত্ৰী সবিতা সৰকাৰ, প্ৰাক্তন সভাপতি শশী মোহন বিশ্বাসকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।শলাগৰ শৰাই আগবঢ়াই নিৰঞ্জন সৰকাৰে।

মায়ং