/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fc65edc7-c2da-4609-8c1e-bc0d8b91beef/6.jpg)
ডিজিটেল সংবাদ, মায়ং: ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানীত এইবাৰ মৰিগাঁও জিলাৰ ২৮৪ খন ৰাজহ গাঁও বানত ক্ষতিগ্ৰস্ত হয়। বানপানী শুকোৱাৰ পিছত বানাক্ৰান্ত অঞ্চলসমূহ লৈ স্বাভাৱিক অৱস্থা উভতি আহে যদিও বহু ঠাইত এতিয়াও দুৰ্যোগ আঁতৰা নাই। বানে জুৰুলা কৰা অঞ্চলবোৰত বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠানে বান সাহাৰ্য্য বিতৰণ কৰি থকা দেখা পোৱা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eaacfd85-7435-478d-be0b-1b6932f79b12/094b167c-806c-40d3-ade4-e58db2e3bae8.jpg)
কটন মহাবিদ্যালয়ৰ ১৯৭৫ চনৰ স্নাতক ছাত্ৰ সন্মিলনীৰ এটা গোটে কটনিয়ান ক্লাছ অৱ ৭৫ ৰ বিষয়ববীয়াসকলে মৰিগাঁও জিলাৰ বানাক্ৰান্ত কিছু সংখ্যক দুৰ্গত পৰিয়ালৰ বাবে বান সাহায্যৰ টোপোলা আগবঢ়ায়। অনুষ্ঠানটোৰ সভাপতি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট লেখক, সাংস্কৃতিক কৰ্মী স্বপ্ননীল বৰুৱা আৰু সচিব নীনা ডেকাৰ নেতৃত্বত দলটোৱে মৰিগাঁও জিলা প্ৰশাসনক সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে অৰ্পন কৰে।
অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত সামগ্ৰীসমূহ তেওঁলোকৰ পৰা গ্ৰহণ কৰে। এই উপলক্ষে অনুষ্ঠানটোৰ সভাপতি বৰুৱাই কয় যে কটন ক্লাছ অৱ ৭৫ এ দীৰ্ঘদিন ধৰি সমাজৰ দুৰ্গতসকলৰ বাবে বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আছে। মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবেও অনুষ্ঠানটোৱে সহায়ৰ হাত আগবঢ়াব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অনুষ্ঠানটোৱে বানত ক্ষতিগ্ৰস্ত লোকসকলে বানৰ পিছত আকৌ উভতি আহি পুনৰ ঘৰখন আৰম্ভ কৰাত সহায় হোৱা দুই এপদ সামগ্ৰী প্ৰদান কৰিব বিচাৰিছে। সেই অনুসৰি ৫০ টা পৰিয়াললৈ দুটাকৈ বাল্টি, দুটাকৈ মাগ, একোখন ডাঙৰ আঠুৱা, একোখন টিৰপাল, মহ খেদা সামগ্ৰী, মহিলাসকলৰ বাবে ছেনিটেৰী নেপকিন আদি আগবঢ়োৱা হৈছে।
মৰিগাঁও জিলা প্ৰশাসনে বান ক্ষতিগ্ৰস্ত এলেকাত এই সামগ্ৰীসমূহ প্ৰদান কৰিব। এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত বিমান দাস আৰু সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা উপস্থিত আছিল। আনহাতে কটন বিশ্ববিদ্যালয়ৰ ১৯৭৫ চনৰ ছাত্ৰ সন্মিলনীৰ দলটোত আছিল প্ৰতিষ্ঠাপক সভাপতি জ্যোতি দাস, ডঃ সোণালী বুঢ়াগোহাঁই, মালবিকা হাজৰিকা, ৰাধিকা কাকতি, দীপক বাৰ্মা আৰু ইবি ইছফাক বৰবৰা।
Also Read: ফুৰিবলৈ যোৱাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান...