/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/oxnlsgwm/MORIGAON-11.jpg)
ডিজিটেল সংবাদ মৰিগাওঁঃ শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে মৰিগাওঁ জিলা কাৰাগাৰৰ পৰা পলাল পাঁচটাকৈ কয়দী। নিশা সুযোগ বুজি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা এই কয়দী কেইটা ক্ৰমে চাইফুদ্দিন, জীয়াৰুল ইছলাম, নুৰ ইছলাম, মাফিদুল আৰু আব্দুল ৰচিদ।
জানিব পৰা মতে আটাইকেইটা কয়দীয়েই আছিল POCSO গোচৰত বিচাৰাধীন কয়দী। পাঁচোটা কয়দীয়েই কাৰাগাৰৰ ভিতৰৰ বেৰেকৰ ৰ'ড ভাঙি বেৰেকৰ পৰা ওলায় যায়। তেওঁলোকক ব্যৱহাৰ কৰিবলৈ দিয়া কম্বল, লুঙি, বিচনাৰ চাদৰ আজি জোৰা লগাই জে'লৰ পৰা প্ৰায় ২০ ফুট উচ্চতাৰ দেৱাল বগাই পাৰ হৈ পলায়ন কৰে।
বৰ্তমান মৰিগাঁও আৰক্ষী অধীক্ষকগৰাকী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। জানিব পৰা মতে নিশা ১২ৰ পৰা ২ বজাৰ ভিতৰত পলায়ন কৰিছে কয়দী কেইটাই।
Also Read: পুৱাই কৰুণ ঘটনাঃ চাৰি চকীয়া বাহনৰ খুন্দাত ৪ টাকৈ শিশুৱে হেৰুৱালে প্ৰাণ...