এখনো চান্দাৰ বহী নথকা মায়ঙৰ এখন ব্যতিক্ৰমী পূজা সমিতি...

এখনো চান্দাৰ বহী নথকা মায়ঙৰ এখন ব্যতিক্ৰমী পূজা সমিতি...

author-image
Asomiya Pratidin
New Update
এখনো চান্দাৰ বহী নথকা মায়ঙৰ এখন ব্যতিক্ৰমী পূজা সমিতি...

ডিজিটেল সংবাদ, মায়ং: দুৰ্গা পূজাৰ আনন্দত মতলীয়া ৰাজ্যবাসী৷ শাৰদীয় দুৰ্গাোৎসৱক কেন্দ্ৰ কৰি ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ভক্তপ্ৰাণ ৰাইজৰ মাজত।

Advertisment

ব্যতিক্ৰম হোৱা নাই মৰিগাঁও জিলাৰ মায়ঙতো। মায়ং থানা এলেকাত মুঠ ২১ খন দূৰ্গা পূজা অনুষ্ঠিত হৈছে। তাৰে এখন উল্লেখযোগ্য পূজা হ'ল বৰপাক। মায়ঙৰ বৰপাকত পূজা পৰিচালনাৰ দায়িত্ব পালন কৰিছে এইবাৰ এজাক যুৱতীয়ে। যুৱতীসকলৰ মাজতেই গঠন কৰা হৈছে উদযাপন সমিতি। সমিতিখনৰ নাই পিছে এখনো চান্দাৰ ৰচিদ বহী। ৰাইজে স্বতঃস্ফুতভাৱে আগবঢ়াইছে দান বৰঙণি।

পূজাস্থলীত পুৱাৰে পৰা আৰম্ভ হৈছে পূজা অৰ্চনা। ভক্তপ্ৰাণ ৰাইজে হাতে হাতে ধূপ-দ্বীপ-নৈবেদ্য লৈ দেৱীৰ চৰণত আগবঢ়াইছে পূজা। এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে গাঁও খনত।নিশাৰ ভাগত পূজাস্থলীত আছে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে।

Also Read: মানৱ নে দানৱ...

durga puja