/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/892efd00-5bca-4502-af70-653baad0c2cd/hati_daat.jpg)
ডিজিটেল সংবাদ, মায়ং : লাহৰীঘাটৰ টেঙাগুৰিত পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটি ৮ জনীয়া দলে অভিযান চলায়। এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱতি নিশা চলোৱা অভিযানত আচমত আলী নামৰ লোকজনৰ পৰা হাতী দাঁত জব্দ কৰে।
জানিব পৰামতে জব্দকৃত হাতীৰ দাঁতৰ ওজন প্ৰায় ২.৫ কিলোগ্ৰাম। বিক্ৰীৰ বাবে অবৈধভাৱে আচমত আলীয়ে নিজ গৃহত মাজুত কৰি ৰাখিছিল এই হাতী দাঁত। ইতিমধ্যে আচমত আলীক আটক কৰিছে বন বিভাগে। উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা এনেধৰণৰ অবৈধ কাৰ্য-কলাপ চলাই থকা কথা স্বীকাৰ ধৃত আচমত আলীৰ।
Also Read: ঢকুৱাখনা সমবায় সমিতিত ৰাজহুৱা ব্যৱস্থাৰ চাউল হৰলুকী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us