/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/5teh4e08/541c4973-1149-405f-a5f1-d1f391ecdd47.jpg)
ডিজিটেল সংবাদ, মায়ং : অসমৰ সংগীত জগতৰ এটা চিনাকি নাম দ্বীপেন বৰুৱা।দুই সহস্রধিক কালজয়ী গীতত কণ্ঠদান কৰি অসমৰ ৰাইজৰ অতি আপোন হৈ পৰা জনপ্ৰিয় সংগীত শিল্পী দ্বীপেন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰা আৰু গীতসমূহক গ্ৰন্থ আকাৰে ৰূপ দিছে জাগীৰোডৰ এগৰাকী গণিতৰ শিক্ষক তথা সাংস্কৃতিক কৰ্মী পৰাগ তামুলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-27/z974vvk1/cd89daf8-c7e4-4a8c-ad55-568a83723a2a.jpg)
দেওবাৰে দ্বীপেন বৰুৱাৰ গীতসমূহক লৈ ৰচনা কৰা "কি নাম দি মাতিম" নামৰ গ্ৰন্থখন জাগীৰোড মহাবিদ্যালয়ত উন্মোচন কৰে শিল্পী দ্বীপেন বৰুৱাই। গ্ৰন্থখন উন্মোচন কৰি নিজকে সৌভাগ্যৱান বুলি মনৰ অনুভৱ ব্যক্ত কৰে তেঁও ।
জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকি দ্বীপেন বৰুৱাৰ সৃষ্টিৰাজি আৰু বৰুৱা পৰিয়ালৰ বহু নজনা কথা লেখক নিবন্ধকাৰ মিলেশ্বৰ পাতৰ, ক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ ৰবীন্দ্ৰ ডেকাই নিজৰ বক্তব্যত উল্লেখ কৰে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জাগীৰোড, মৰিগাঁও, ৰহা,মায়ং,সোনাপুৰ, গোলাঘাট, আঁহতগুৰি আদি অঞ্চলৰ পৰা অহা শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানৰ শেষত কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰি অনুষ্ঠানত উপস্থিত থকা সকলোকে আপ্লুত কৰে শিল্পীগৰাকীয়ে।
Also Read: ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত ৰাইডঙীয়াৰ তিনি শিশুৰ সাফল্য