ধৰমতুল ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰিগাঁও সংযোগী মূল পথত প্ৰকাণ্ড গাঁত...

ধৰমতুল ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰিগাঁও সংযোগী মূল পথত প্ৰকাণ্ড গাঁত...
Published on
Updated on

ডিজিটেল সংবাদ,মৰিগাঁওঃ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰিগাঁও চহৰ সংযোগী মূল পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। ৰাইজে বাঁহ বান্ধি ৰঙা কাপোৰ আৰি বন্ধ কৰিলে গধূৰ যান বাহনৰ যাতায়ত।

অত্যাধিক বুজা কঢ়িওৱা ডাম্পাৰ আৰু ইটা ভাটাৰ সামগ্ৰী কঢ়িওৱা গধুৰ যান বাহনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰমতুল মৰিগাঁও সংযোগী পথটোৰ দুৰৱস্থাৰ সৃষ্টি কৰিছে। যাৰ ফলত পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত।

এই গাঁত বোৰৰ বাবে এতিয়া যাতায়তত সমস্যাৰ সৃষ্টি হৈছে।বিভিন্ন সময়ত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। ফলত আজি কটহগুৰিবাসীয়ে মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

লগতে পথটোৰ কিছু অংশত ৰঙা ফ্লেগ আৰি বাঁহ বান্ধি পথছোৱা বন্ধ কৰি দিয়ে। ইয়াৰোপৰি লোক নিৰ্মাণ বিভাগলৈ বাট নাচাই জৰুৰী কালীন বাহনে যাতায়ত কৰিব পৰাকৈ ৰাইজে পথটোৰ কিছু অংশ মেৰামতি কৰি দিয়ে।

ধৰমতুল ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰিগাঁও সংযোগী মূল পথত প্ৰকাণ্ড গাঁত...
বৰহোলা মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in