মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

"এসময়ত উন্নয়নৰ পৰা বঞ্চিত মৰিগাঁও জিলাখনে এতিয়া মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ সদিচ্ছাত ব্যাপক উন্নয়নৰ মুখ দেখিছে।" ৰাজ্য চৰকাৰৰ জলসম্পদ,  তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি এনেদৰে কয়।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

ডিজিটেল সংবাদ দিছপুৰঃ "এসময়ত উন্নয়নৰ পৰা বঞ্চিত মৰিগাঁও জিলাখনে এতিয়া মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ সদিচ্ছাত ব্যাপক উন্নয়নৰ মুখ দেখিছে।" ৰাজ্য চৰকাৰৰ জলসম্পদ,  তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনৰ তৰুণৰাম ফুকন খেলপথাৰত 'বিকাশৰ ১২ দিন' শীৰ্ষক ৰাজ্যজুৰি চলি থকা অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত বিশেষ অনুষ্ঠানত অংশ লৈ এনেদৰে কয়।

Advertisment

মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

আজি জিলাখনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন উদগণিমূলক বঁটা প্ৰদানৰ বাবে অনুষ্ঠিত অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ড° বাণীকান্ত কাকতি বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। উল্লেখ্য যে, এইবাৰ মৰিগাঁৱৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক সামৰি মুঠ ১০৮৬ গৰাকী শিক্ষাৰ্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০  বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ,  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৬২২ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ডিবিটিযোগে ১২৫০০ টকাকৈ ধন আৰু চৰকাৰী শিক্ষানুষ্ঠানত নৱম শ্ৰেণীত অধ্যয়নৰত ১২১২৮ গৰাকী শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হয় ।

মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰদান কৰা বক্তব্যত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, এসময়ত বানপানীপ্ৰৱণ জিলা হিচাপে জনাজাত মৰিগাঁও জিলাৰ বান নিয়ন্ত্ৰণৰ বাবে বিগত চাৰি বছৰে চৰকাৰে আন্তৰিকতাৰে কাম কৰি জিলাখনৰ বান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আনহাতে জিলাখনৰ বাট পথৰ উন্নয়ন হোৱাৰ সমান্তৰালভাৱে জিলাখনত এখন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণো চৰকাৰখনৰ মৰিগাঁৱৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

আনহাতে জাগীৰোডত প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে টাটাই নিৰ্মাণ কৰি থকা অৰ্ধপৰিবাহী উদ্যোগটো অসমৰ ইতিহাসৰ সবাটোকৈ বৃহৎ উদ্যোগিক বিনিয়োগ বুলিও তেঁও মন্তব্য কৰে। সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যুৱক-যুৱতীৰ স্বাৱলম্বনৰ বাবে পথ মোকলাই দিয়া আদি অনেক কৰ্মৰে বৰ্তমানৰ ৰাজ্য চৰকাৰে ভৱিষ্যতৰ এখন সমৃদ্ধ অসমৰ বীজ ৰোপণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে অধ্যয়ন কৰি ভৱিষ্যতে দেশৰ সম্পদ হ'বলৈ আহ্বান জনায়।

মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাই আজি পাছবেলা জাগীৰোডৰ মকৰীয়া খেলপথাৰত আজিৰ পৰা অনুষ্ঠিত খেল মহাৰণ ২.০ ৰ সমষ্টিভিত্তিক খেলসমূহৰ আনুষ্ঠানিক আৰম্ভণি কৰে। অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে, ক্ৰীড়াই মানুহক সংযমী কৰাৰ লগতে সমাজৰ পৰা মাদক দ্ৰব্যৰ ব্যৱহাৰৰ দৰে কু-প্ৰভাৱসমূহ আঁতৰ হোৱাত সহায় কৰে। 
সকলো খেলুৱৈকে মন্ত্ৰী হাজৰীকাই শুভকামনা জনাই খেল মহাৰণ ২.০ ত জাগীৰোডৰ পৰাও বহুতে ৰাজ্যিক পৰ্যায়ত উজ্জ্বলি উঠিব বুলি আশা প্ৰকাশ কৰে। 

মৰিগাঁৱত বিকাশৰ দিন, বাণীকান্ত কাকতি বঁটা প্ৰদানঃ খেল মহাৰণ আৰম্ভণি

ড০ বাণীকান্ত কাকতি মেধা বঁটা পীযুষ হাজৰীকা খেল মহাৰণ