মায়ঙত সমবায় এজেন্ট নুৰ ইছলাম ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মায়ঙত সমবায় এজেন্ট নুৰ ইছলাম ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ গাগলমাৰী সমবায় সমিতিৰ এজেন্ট নুৰ ইছলাম ৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে।দুৰ্নীতিয়ে ছানি ধৰিছে মৰিগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ গাগলমাৰী সমবায় সমিতি।

এজেন্ট নুৰ ইছলাম ৰ কৰ্ম-কাণ্ডই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক। দীৰ্ঘদিন ধৰি একাংশ উপভোক্তাক ঠগি আহিছে নুৰ ইছলামে।এক ডেৰ বছৰ ধৰি ৰেচন ৰ কাৰ্ড ৰ চাউল যোগান ধৰা নাই এজেন্ট নুৰ ইছলামে।

ৰাষ্ট্ৰীয খাদ্য সুৰক্ষা আচনিৰ অধীনত চাউল পাই থকা 45 জন দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বঞ্চিত নিয়মিত চাউল যোগানৰ পৰা। যাৰ ফলত নুৰ ইছলামৰ পৰা ফালৰি কাটি আব্দুল ৰেজেক নামৰ এজন এজেন্টৰ ওচৰত চাপিছে বঞ্চিত পৰিয়ালসমূহ।

তাৰ পিছতো গা লৰা নাই নুৰ ইছলামৰ।ইজনৰ কাৰ্ড সিজনক টকা লৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে নুৰ ইছলামৰ বিৰুদ্ধে।কাৰ্ডৰ চাউল বিছাৰা এজেন্টক নুৰ ইছলামে দুৰ্ব্যৱহাৰ কৰি পঠিয়াই দিয়ে।

একৈশ টা পৰিয়ালৰ চাউল যোৱা এমাহ ধৰি জমা হৈ আছে এটা গুডামত।কাৰণ নুৰ ইছলামে সেই কাৰ্ড বোৰ অবৈধ ভাবে জব্দ কৰি থোৱাৰো অভিযোগ উত্থাপন হৈছে।মুঠৰ ওপৰত যথেষ্ট দুৰ্নীতি কৰি অবৈধ ভাবে সমবায়ৰ দোকান চলাই আহিছে নুৰ ইছলামে।

ইতিমধ্য মৰিগাঁও ফৌজদাৰী আদালতত নুৰ ইছলাম ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।আৰক্ষীৰ তদন্ত লেহেমিয়া হোৱাৰ উপৰিও যোগান বিভাগৰ ফালৰ পৰাও কোনো তদন্ত কৰা হোৱা নাই।নুৰ ইছলামৰ বিৰুদ্ধে তদন্তৰ দাবীত এতিয়া ৰাইজ জাঙুৰ খাই উঠিছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in