/asomiyapratidin/media/media_files/2025/03/12/IWjUeuWBH1JfcTSDillJ.jpg)
ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাওঁ জিলাৰ ধৰমতুলত নিশা সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত পুদুম পুখুৰীত গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি।
এখন বাহন লৈ গৰু চোৰ কৰিবলৈ অহা ৫ টা চোৰে অঞ্চলটোৰ পৰা তিনিটা গৰু উঠাই লৈ যোৱাৰ চেষ্টা কৰাৰ সময়তে এই বিষয়ে উমান পাই স্থানীয় ৰাইজে। ইয়াৰ পাছতে ৰাইজে অতি তৎপৰতাৰে চোৰ কেইটাক কৰায়ত্ত কৰাৰ চেষ্টা কৰে।
ৰাইজে ২ টাকৈ গৰু চোৰক কৰায়ত্ত কৰে যদিও আন তিনিটা চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইয়াৰ পাছতে একাংশ ৰাইজ উত্তেজিত হৈ ধৃত দুই চোৰক প্ৰহাৰ কৰাৰ লগতে তেওঁলোকে গৰু চোৰত ব্যৱহাৰ কৰা বাহনখনো ভাঙি ধ্বংস কৰে।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধৰমতুল আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজৰ কবলৰ পৰা চোৰ দুয়োটাকে উদ্ধাৰ কৰে আৰু পুৱতি নিশা মৰিগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। জানিব পৰা মতে ধৃত চোৰ দুটা ক্ৰমে চকাবাহা আৰু দলবাৰীৰ গাঁৱৰ জান আলী আৰু বুুবু আলী।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us