/asomiyapratidin/media/media_files/2025/02/20/sTEBVKfIBEgSdR1cKDuX.jpg)
ডিজিটেল ডেস্কঃ মৰিগাওঁ চহৰৰ সোণাৰিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। জানিব পৰা মতে নিশা সোণাৰিগাঁৱৰ ৯ খনকৈ ঘৰৰ নামঘৰৰ মণিকূটত সংঘটিত হৈছে চুৰিকাণ্ড।
চোৰে নামঘৰৰ মণিকূটৰ পৰা লৈ গ'ল কাঁহ, পিতলৰ সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী। তাৰোপৰি নামঘৰত থকা গুণমালা পুথিও দলিয়ালে চোৰে।
উল্লেখ্য যে, যোৱা প্ৰায় এটা মাহত এই অঞ্চলটোৰ কেইবাটাও স্থানত প্ৰায় অৰ্ধ শতাধিক মণিকূটত চুৰিকাণ্ড সংঘটিত হৈছে। ইফালে নিশা সংঘটিত হোৱা এই চুৰিকাণ্ডৰ দৃশ্য চিচি টিভিত বন্দী হৈছে। সেই অনুসৰি এটা চোৰে অকলেই সংঘটিত কৰিছে এই চুৰিকাণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us