/asomiyapratidin/media/media_files/2025/01/10/iVC5PJ73pRZYKLIqZYnw.jpg)
ডিজিটেল সংবাদ মায়ংঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত চেন্ট্ৰেল ব্যুৰো অৱ কমিউনিকেচন আঞ্চলিক কাৰ্যালয় গুৱাহাটীৰ সহযোগত মৰিগাঁও জিলাৰ ৰজা মায়ঙৰ শিৱ মন্দিৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা "এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছতাই সেৱা, এজোপা গছ আইৰ নামত" বিষয়সমূহৰ ওপৰত এক বিশাল জন সজাগতা মূলক প্ৰচাৰ আৰু সাংস্কৃতিক কাৰ্য্যসূচীৰ আজি সামৰণি পৰে ।
প্ৰথম দিনা অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, দলীয় নৃত্য, মুকলি কুইজ, চুটি নাটক প্ৰদৰ্শন আৰু এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। লগতে ৰজা মায়ং প্ৰাথমিক বিদ্যালয়ত গছ পুলিও ৰোপন কৰা হয়।
দুয়োটা দিনতে অনুষ্ঠিত সজাগতা সভাত এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছতাই সেৱা আৰু এজোপা গছ আইৰ নামত শীৰ্ষক বিষয়বস্তুৰ ওপৰত আমন্ত্রিত বিশিষ্ট অতিথিসকলে বক্তব্য আগবঢ়াই। প্ৰথম দিনা আদৰণি ভাষণ আগবঢ়াই গুৱাহাটী কাৰ্যালয়ৰ ক্ষেত্ৰ বিষয়া হীৰা মনি দাসে।
মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা অনুষ্ঠানৰ সমন্বয়ক ড০ উৎপল নাথে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফণীভূষণ নাথ, ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চল জ'নৰ এ ডি জি কৃপা শংকৰ যাদৱ, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক পবন বিষয়া, ৰবিন কলিতা, সমাজকৰ্মী অতনু শৰ্মা, অধ্যাপিকা কবিতা মেধিয়ে।
দুয়োটা দিনত মঞ্চত মুকলি কুইজ পৰিচালনা কৰে অধ্যাপক ড০ উৎপল নাথ আৰু সাংবাদিক নজৰুল ইছলামে। আজি পেণ্ডেলৰ ভিতৰতে গাঁৱৰ মহিলাসকলৰ মাজত টেকেলী ভঙা, পাৰ-পুখুৰী, মিউজিক চেয়াৰ আদি প্ৰতিযোগিতাৰ লগতে বাৰে-বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
সাংস্কৃতিক অনুষ্ঠানত ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰি ভাৰতৰ বিভিন্ন প্ৰদেশৰ লোক নৃত্য, গীত পৰিৱেশন কৰে। প্ৰতিযোগিতাত বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ আৰু ভাৰত চৰকাৰৰ মোহৰ যুক্ত প্ৰমাণ পত্ৰও প্ৰদান কৰা হ'য়।
প্ৰকল্প বিষয়া ৰবিন বৰ্মনে সমগ্ৰ অনুষ্ঠানটো নেপথ্যত থাকি সফল কৰি তোলে। অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন, ৰজা মায়ং উন্নয়ন সমিতিৰ সভাপতি ৰাজেন নাথ,সম্পাদক সদানন্দ নাথ,মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ নাথ, অৱসৰপ্ৰাপ্ত সেনা জোৱান দিলীপ নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰামচৰন নাথ,সাংস্কৃতিক কৰ্মী বিপুল ডেকা,যুৱ সমাজ সংগঠক দুৰ্গেশ্বৰ নাথকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।