মৰিগাঁৱত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁৱত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,মায়ং : অসমৰ ২৮ খন জিলাত শুকুৰবাৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উলহ মালহৰে উদযাপন কৰা হৈছে। ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আৰু সদৰ শাখাৰ সহযোগত মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়।

মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ড° উৎপল নাথে পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি ১১-০০ বজাত পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পিনাকী ভূষণ মহন্তই বন্তি প্ৰজ্বলন কৰে।

আনহাতে বিশিষ্ট কবি তথা প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা আৰু আবৃত্তি অনুষ্ঠান। মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আদৰণি অনুষ্ঠানৰ আঁত ধৰে।

সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিৱন্ধকাৰ মিলেশ্বৰ পাতৰে মুখ্য অতিথিৰ ভাষণ আগবঢ়ায়। জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা,মহেন্দ্ৰ নাথ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুত কুমাৰ দাস, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অনিৰুদ্ধ ডেকা, লোক-সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মিহিৰ হাজৰিকা, মৰিগাঁও জিলাৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মা,নাট্যকাৰ অজয় ডেকা আৰু জয়ন্ত ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

জাগী ভকতগাঁও শাখা সমিতিয়ে ড° অমৰ জ্যোতি চৌধুৰীৰ 'এটা গান শেষ হ'ল' শীৰ্ষক কবিতাটি সমূহীয়াভাৱে আবৃত্তি কৰে। তদুপৰি অভিনেতা ৰাতুল ভূঞা, কবি গীতামণি দাস পাটৰ, ৰিভা ভৰালী ডেকা, ড° নিশিগন্ধা তালুকদাৰ, স্বৰাজ কুমাৰ নাথ, লাচিত ডেকা,বৰ্ণালী কলিতা, বহুভাষিক কবি ৰাজুমণি শইকীয়া,ড° নাজমা বেগম, বন্দনা দাস, চেনেহী ডেকা, হিমাক্ষী বৰা, ভৱেন চন্দ্ৰ নাথ প্ৰমুখ্যে মৰিগাঁও জিলাৰ কেইবাগৰাকীও আবৃত্তিকাৰে আবৃত্তি কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

অনুষ্ঠানত সদৰ শাখা সমিতিৰ সভানেত্ৰী স্মৃতি ৰেখা বৰগোহাঁই, সম্পাদক চিমৰাজ হুচেইন, জাগীৰোড শাখাৰ উপ: সভাপতি অৱন্তি কুমাৰ বৰা,জাগী ভকতগাঁও শাখাৰ সভানেত্ৰী নিজৰা শইকীয়া, সম্পাদক ৰিজু শৰ্মা, মৰিগাঁও জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সাংগঠনিক সম্পাদক বিপুল ডেকা,মুখপাত্ৰ ৰাজীৱ চহৰীয়া,জিলা মিডিয়া ক্লাৱৰ সভাপতি ৰাতুল ডেকা প্ৰমুখ্যে আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

মৰিগাঁৱত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন
পেট্র’ল পাম্প বন্ধ উঠাই ল’লে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in