পুনৰ তামিলনাডুত নিখোঁজ অসমৰ যুৱক...

পুনৰ তামিলনাডুত নিখোঁজ অসমৰ যুৱক...
পুনৰ তামিলনাডুত নিখোঁজ অসমৰ যুৱক...

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত শিলডুবিৰ ওচৰৰ মৰিসুতিপামৰ ইয়াছিন আলীৰ পুত্ৰ আবদিদাৰ হুছেইন বহিঃৰাজ্যত কামৰ সন্ধানত গৈ নিৰুদ্দেশ হৈ আছে। যুৱকজন প্ৰায় এমাহ পূৰ্বে ঘৰৰ পৰা কামৰ সন্ধানত প্ৰথমে কেৰেলা লৈ গৈছিল যদিও পৰৱৰ্তী সময়ত তামিলনাডুলৈ যায়।

যোৱা প্ৰায় এটা সপ্তাহৰ আগলৈকে যুৱকজনৰ ঘৰৰ পৰিয়ালৰ সৈতে যোগাযোগ আছিল যদিও হঠাত সেই যোগাযোগ নোহোৱা হৈ পৰে। ফলত যোৱা এটা সপ্তাহে আবদিদাৰৰ কোনো খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে।

এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে পৰিয়লাটোৰ প্ৰতিজন সদস্য। উল্লেখ্য যে, আবদিদাৰৰ পিতৃও অসুস্থ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আবদিদাৰ। কিন্তু যোৱা এটা সপ্তাহে আবদিদাৰৰ কোনো খবৰ নোহোৱাত পৰিয়ালটো যথেষ্ট বিপদৰ সন্মুখীন হৈছে।

ঘটনা সন্দৰ্ভত মায়ং থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও সেই এজাহাৰৰ ভিত্তিতে অনুসন্ধান আৰম্ভ কৰিছে। তাৰ মাজতে কেৰালা বা তামিলনাডুত থকা কোনো লোকে আবদিদাৰৰ কোনো সন্ধান লাভ কৰে তেন্তে পৰিয়াল অথবা আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে আবদিদাৰৰ পৰিয়ালে।

পুনৰ তামিলনাডুত নিখোঁজ অসমৰ যুৱক...
কোনে খেলিব কিমান আসনত ? ভূপেন বৰাই ৱেইট লিফ্টিং পদ্ধতিৰে ল'ব সিদ্ধান্ত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in