/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/jn7wn41g/morigaon-7.jpg)
মৰিগাঁও জিলাত জলাতংক প্ৰতিৰোধী সপ্তাহ উদযাপন...
ডিজিটেল ডেস্কঃ জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে সপ্তাযোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ স্বাস্থ্য সমিতিৰ অন্তৰ্গত জিলা স্বাস্থ্য বিভাগ,পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সৌজ্যনত জলাতংক ৰোগ দিৱস পালন কৰা হয়। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা জলাতংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ তিনিটা ব্লক ঝাৰগাও, ভুৰবন্ধা আৰু লাহৰিঘাটৰ অধীনত প্ৰায়সংখ্যক চিকিৎসা কেন্দ্ৰত জলাতংক ৰোগ নিৰ্মূল কৰা বাবে সভা, কুকুৰৰ টিকাকৰণ, শিক্ষানুষ্ঠান,পঞ্চায়ত ইত্যাদিত জলাতংক ৰোগ সম্পৰ্কে সজাগতা কাৰ্যসূচী পালন কৰা হয়।
আনহাতে ৫ অক্টোবৰত মৰিগাঁও উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত এখনি সজাগতামূলক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত ৬টাকৈ দলে অংশগ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে।
অন্যহাতে জলাতংক ৰোগ দিৱস উপলক্ষে মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অৰুণ কুমাৰ নাথে জলাতংক ৰোগ সম্পৰ্কে মতামত ব্যক্ত কৰি কয় যে জিলাখনৰ প্ৰতিজন ব্যক্তিয়ে এই সম্পৰ্কে তথ্য আহৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে থলুৱা তথ্যগত চিকিৎসাৰ সলনি জলাতংকৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Also Read: কমতাপুৰ ফুটবল টুৰ্ণামেন্ট-২০২২ৰ চেম্পিয়ন মাজগাঁও এফ চি...