ব্যাপক খেলিমেলিৰে অন্ত পৰিল সাহিত্য সভাৰ তৃতীয় দিনৰ কাৰ্যসূচী...

তৃতীয় দিনাৰ বাৰ্ষিক অধিৱেশনৰ সভাস্থলীত উপস্থিতিৰ সংখ্যাও আছিল তেনেই নগণ্য। সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত হয় সাহিত্য সভাৰ তৃতীয় দিনৰ কাৰ্যসূচীসমূহ।
ব্যাপক খেলিমেলিৰে অন্ত পৰিল সাহিত্য সভাৰ তৃতীয় দিনৰ কাৰ্যসূচী...

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ কাৰ্যকতা আৰু মৰিগাঁও বৰপূজীয়াত অনুষ্ঠিত বাৰ্ষিক বিশেষ অধিৱেশনৰ আদৰণি সমিতিৰ সমন্বয়হীনতাৰ বাবেই চূড়ান্ত বেমেজালিৰে অন্ত পৰে তৃতীয় দিনৰ কাৰ্যসূচী। তৃতীয় দিনাৰ বাৰ্ষিক অধিৱেশনৰ এই সভাস্থলীত উপস্থিতিৰ সংখ্যাও আছিল তেনেই নগণ্য। সীমিত সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্ঠিত হয় সাহিত্য সভাৰ তৃতীয় দিনৰ কাৰ্যসূচীসমূহ।

তৃতীয় দিনা অনুষ্ঠিত হ'বলগা দ্বিতীয় মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি প্ৰচাৰ চলোৱা হৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ নল’লে। দিনৰ ১বজাৰ পৰা অনুষ্ঠিত হবলগীয়া এই মুকলি অধিৱেশন প্ৰায় ৩.৩০ঘন্টা পলমকৈ বিয়লি ৪.৩০বজাতহে আৰম্ভ হয়।

লক্ষ্যণীয়ভাৱে মঞ্চত ৬০গৰাকী মান বিশিষ্ট অতিথি উপস্থিত আছিল যদিও সভাগৃহত উপস্থিতিৰ সংখ্যা বিশিষ্ট অতিথিতকৈ কম আছিল। আনহাতে, অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গ্ৰন্থমেলাস্থলীতো নাছিল কোনো সমাগম। তেনেই সীমিত লোকৰ উপস্থিতিত গ্ৰন্থমেলাৰ বিপনীৰ বিক্ৰেতাসকলে হামিয়াই-হুকুটিয়াই সময় অতিবাহিত কৰে।

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বিয়লি ৪.৩০বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল সাংবাদিক সন্মিলন। কিন্তু মুকলি অধিৱেশনেই পলমকৈ আৰম্ভ হোৱাত এই সন্মিলন সন্ধিয়া ৬.৩০বজাৰ পৰাহে হয়। ইফালে এই সাংবাদিক সন্মিলনৰ উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰা অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱা আদৰণি সমিতিৰ অব্যৱস্থাৰ বাবেই সভাস্থলীৰ কাষৰ পৰাই ঘূৰি আহিবলগা পৰিস্থিতিৰ সৃষ্টি হয়।

উদ্বোধক বৰুৱা সভাস্থলীলৈ যোৱাৰ পথত বাৰপূজীয়া তিনিআলিত স্থাপন কৰা পুলিচ বেৰিকেডত আৰক্ষীয়ে তেওঁক গাড়ীৰ প্ৰৱেশ পত্ৰ বিচাৰে। সাহিত্য সভাই নিমন্ত্ৰণৰ সময়ত তেনে কোনো বাহনৰ প্ৰৱেশ পত্ৰ দিয়া নাছিল আৰু ইয়াৰ প্ৰয়োজন নহ’ব বুলি জনাইছিল। আৰক্ষীক তেওঁ সাহিত্য সভাৰ এক অনুষ্ঠানৰ উদ্বোধক হিচাপে আহিছে বুলি অৱগত কৰিছিল যদিও প্ৰৱেশ পত্ৰ অবিহনে কোনো বাহন প্ৰৱেশৰ অনুমতি দিব নোৱাৰে বুলি কোৱাত সেই অনুষ্ঠানত অংশ নোলোৱাকৈ তেওঁ উভতিব লগা হয়।

উল্লেখ্য যে, বৰুৱাৰ সৈতে যোৱা সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে বিশিষ্ট অতিথি ৰূপে অংশ লবলৈ গৈ উক্ত স্থানৰ পৰা উভতি আহিব লগা হয় আন এগৰাকী বিশিষ্ট অতিথি প্ৰকাশ মহন্ত। এই বিষয়টো বৰুৱাই সাহিত্য সভাৰ বিষয়ববীয়াক অৱগত কৰাৰ পাছত সাহিত্য সভাৰ সভাপতি, মৰিগাওঁ জিলা উপায়ুক্তই যোগাযোগ কৰি তেওঁলোকৰ পুনৰ সভাস্থলীলৈ যাবলৈ অনুৰোধ জনায়।

ইতিমধ্যে উভতি আহি জোঙাল বলহু পোৱা বৰুৱাই সমগ্ৰ পৰিস্থিতিক লৈ ক্ষুন্ন হৈ উভতি যাবলৈ অমান্তি হয়। কিন্তু তেওঁ যিসকল সাংবাদিক তথা অতিথি উক্ত সন্মিলনলৈ আহিছিল, তেওঁলোকক সম্বোধন কৰিব নোৱাৰি দুখ ব্যক্তও কৰে। সভাস্থলীত থকা সাংবাদিক তথা আন উপস্থিত লোকসকলে এই খবৰ লাভ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছত প্ৰশাসনৰ গালৈ দোষ ঠেলি দি এই পৰিস্থিতিৰ বাবে ৰাজহুৱা ক্ষমা বিচাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰ জিত শৰ্মাই।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰি যান-বাহনৰ এখন প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰি নিদিয়া একাংশ আদৰণি সমিতিৰ বিষয়ববীয়াই তেনে প্ৰৱেশ পত্ৰ অঙহী-বঙহীক বিলাইছে। আনকি গাড়ী নম্বৰ উল্লেখ নথকাকৈ একাংশই এনে প্ৰৱেশ পত্ৰ ব্যৱহাৰেৰে সেই স্থানত যান-বাহন চলাই ঘূৰি ফুৰিছে্।

এনেবোৰ বেমেজালিৰ মাজেৰেই অনুষ্ঠিত হোৱা সভাখনত অৱশ্যে সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাকে প্ৰমুখ্যে কৰি বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। এই অনুষ্ঠানতেই জাৰিৰ হুচেইন, জিঞ্চু মেধিক সাংবাদিকতা বটাঁ প্ৰদান কৰে। কেইবাজনো সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা হয় উক্ত অনুষ্ঠানত। অনুষ্ঠান চলি থকাৰ মাজতে বতাহ বৰষুণে বিধি পথালি দিয়াত এই অনুষ্ঠান নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই সামৰণি মাৰিব লগা হয়। ইফালে শুকুৰবাৰে পুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বুৰঞ্জী সন্মিলনৰ দৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in