মৰিগাঁৱত উ‍ৎকোচ বিচাৰি আটক কৰ পৰিদৰ্শক শোণিত বৰঠাকুৰ…

মৰিগাঁৱত উ‍ৎকোচ বিচাৰি আটক কৰ পৰিদৰ্শক শোণিত বৰঠাকুৰ…

author-image
asomiyapratidin
New Update
মৰিগাঁৱত উ‍ৎকোচ বিচাৰি আটক কৰ পৰিদৰ্শক শোণিত বৰঠাকুৰ…

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাঁৱত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত আটক কৰ পৰিদৰ্শক শোণিত বৰঠাকুৰক। মৰিগাঁৱৰ চুলতান হাস্পাতাল আৰু ৰিচাৰ্ছ চেণ্টাৰ নামৰ চিকিৎসালয়খনৰ পৰা ব্যৱহৃত জেনেৰেটৰ কৰৰ বাবে উ‍ৎকোচ বিচাৰিছিল শোণিত বৰঠাকুৰে। চুলতান হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰত উৎকোচ বিচাৰি যোৱাৰ সময়ত নিজকে মৰিগাঁৱৰ কৰ অধীক্ষক বুলি পৰিচয় দিছিল ধৃত বৰঠাকুৰে।

Advertisment

চুলতান হাস্পাতালৰ স্বত্বাধিকাৰীৰ অভিযোগ মৰ্মে মৰিগাঁৱত উপস্থিতি হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ শাখাৰ এটা দহ জনীয়া দল। দাবী কৰা ৩০ হাজাৰ টকা নিবলৈ ৰাজেশ গুপ্তা নামৰ ব্যক্তিজনক পঠাইছিল শোণিত বৰঠাকুৰে। ইয়াৰ পিছতে ৰাজেশ গুপ্তাক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে দুৰ্নীতি নিবাৰণ শাখাৰ দলটোৱে নিৰ্বাচনৰ কৰ্মত ব্যস্ত থকা এই কাণ্ডৰ মাষ্টাৰমাইণ্ড শোণিত বৰঠাকুৰক নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা আটক কৰে দুৰ্নীতি নিবাৰকৰ লোকে।

বর্তমান অভিযোগ উত্থাপন হৈছে যে আটকাধিন শোণিত বৰঠাকুৰে মৰিগাঁৱৰ বহু প্ৰতিষ্ঠানৰ পৰা ব্লেকমেইল কৰি ধন দাবী কৰি অহিছে। শোণিত বৰঠাকুৰে চুলতান হাস্পাতালৰ স্বত্বাধিকাৰী মনুহৰ চুলতানক ৩০ হাজাৰ টকা উৎকোচ নিদিলে ৯৫ হাজাৰ টকাৰ তিনিগুন প্ৰায় ৪ লাখ টকা জৰিমনা ভৰিব লাগিব বুলি ভয় দেখুৱাইছিল।

assam Assam police himanta biswa sarma