মূৰত গুলীয়াই আত্মহত্যা গৃহৰক্ষী জোৱানৰ…

মূৰত গুলীয়াই আত্মহত্যা গৃহৰক্ষী জোৱানৰ…

author-image
asomiyapratidin
New Update
মূৰত গুলীয়াই আত্মহত্যা গৃহৰক্ষী জোৱানৰ…

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁৱত প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান ৰন্টু মেধিৰ মূৰত গুলীয়াই আত্মহত্যা। কৰ্তব্যৰ বাবে বিগত পাঁচ মাহৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নিৰাপত্তা দায়িত্ব আছিল। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চৌহদৰ বেৰেকত আছিল ৰন্টু মেধি সহ অন্য কেইবাজনো জোৱান।

Advertisment

৩ নত ৩ ৰাইফলেৰে মূৰত গুলিয়াই আত্মহত্যা গৃহৰক্ষী জোৱান জনৰ। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পহৰাৰ দায়িত্বত নিয়োজিত আছিল ৰন্টু মেধি। আত্মহত্যাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। মৃত ৰন্টু মেধিৰ ঘৰ কাহিবাড়িত।

পোন্ধৰ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰন্টুৰ এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নত কন্যা সন্তান আছে। অতি অমায়িক স্বভাৱৰ আছিল ব্যক্তি জোৱান জন। ১১:৩০ মান বজাত নিজৰ ছাৰ্ভিচ বন্ধুকেৰে মূৰত গুলিয়াই আত্মহত্যা কৰা ৰন্টু মেধিৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈ উদ্ঘাটন কৰিব পৰা নাই যদিও নিজ কন্যাক লৈ মাতৃ গৃহত থকা পত্নীৰ সৈতে কিছু পৰিমাণৰ পাৰিবাৰিক সংঘাত থকা বুলি ভাতৃয়ে মন্তব্য কৰিছে ।

আৰু পঢ়ক: মণিপুৰৰ ভূমিস্খলনত নিহত, আহতক মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰদান কৰিলে চৰকাৰী সাহাৰ্যৰ চেক

assam suicide morigaon Assam police