মৰিগাঁৱত অঘটন, প্ৰাৰ্থনা সভাৰ মাজতেই লাগিল হুৱা-দুৱা…

মৰিগাঁৱত অঘটন, প্ৰাৰ্থনা সভাৰ মাজতেই লাগিল হুৱা-দুৱা…

author-image
asomiyapratidin
New Update
মৰিগাঁৱত অঘটন, প্ৰাৰ্থনা সভাৰ মাজতেই লাগিল হুৱা-দুৱা…

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও দন্দুৱা মাধ্যমিক বিদ্যালয়ত কেইবাগৰাকীও ছাত্ৰী সংজ্ঞাহীন। দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰাত সভা চলি থকাৰ সময়তে ঢলি পৰে ছাত্ৰী সকল।

Advertisment

বুধবাৰে দুগৰাকী ছাত্ৰী ঢলি পৰি সংজ্ঞাহীন হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছিল। আজি পুনৰ প্ৰাত সভা চলি থাকোঁতে উশাহ ল'বলৈ কষ্ট হোৱা বুলি এগৰাকী দুগৰাকীকৈ ছয় গৰাকী ছাত্ৰী সংজ্ঞাহীন হৈ পৰে।

প্ৰথমে বিদ্যালয়তে প্ৰাথমিক চিকিৎসা কৰি ১০৮ এম্বুলেন্সৰ সহায়ত মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান পুনৰ দুগৰাকী ছাত্ৰী সংজ্ঞাহীন হৈ এতিয়ালৈ মুঠ ৭ গৰাকী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

আৰু পঢ়ক: মাউণ্ট এভাৰেষ্ট জয় কৰিলে অসমৰ হেদায়েট আলীয়ে…

assam morigaon