/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
morigaon
ডিজিটেল ডেস্ক :মৰিগাঁৱত প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা আঁচনিত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৰিগাঁও লোচনাবৰী সমবায় সমিতিত সংঘটিত হোৱা কেলেংকাৰীত সমবায় সমিতিৰ সচিবসহ কেইবাজনো এজেণ্ট পলাতক হৈ আছিল।
ইতিমধ্যে ঘটনা সন্দৰ্ভত নিশা আৰক্ষীৰ অভিযানত ৮ জনক আটক কৰা হৈছে। আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে মূল অভিযুক্ত সচিব ৰুফুল আমিনে। আন ৮ জন এজেন্টক সমবায়ৰ চাউল হৰলুকী কৰাৰ অভিযোগত আটক কৰা হয়।
ধৃত আব্দুল চাত্তাৰ, নাজিৰ হুছেইন, চহিদুল ইছলাম, মজিবুৰ ৰহমান, চফুল উদ্দিন, চফিকুল ইছলাম, আমিৰুদ্দিন, ছিদ্দিক আলীক আটক কৰে আৰক্ষীয়ে। ধৃত ৪ জনক মৈৰাবাৰী আৰু ৪ জনক মৰিগাঁও সদৰ থানাত জেৰা অব্যাহত ৰখা হৈছে।
আৰু পঢ়ক :দুৰ্নীতি-অনিয়মৰ অভিযোগত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বৰবাবুক গ্ৰেপ্তাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us