বিধ্বস্ত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ একাংশ মহিলাৰ…

বিধ্বস্ত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ একাংশ মহিলাৰ…

author-image
asomiyapratidin
New Update
বিধ্বস্ত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ একাংশ মহিলাৰ…

প্ৰতিদিন ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ কৰি প্ৰতিবাদী মহিলাই মৰিয়াই ভাঙিলে আঁচনিৰ আধাৰশিলাৰ নাম ফলক।

Advertisment

আধাৰশিলা স্থাপন কৰিয়ে সমষ্টিবাসীক বঞ্চনা মৰিগাঁৱৰ বিধায়ক ৰমাকান্তৰ দেউৰীৰ। মৰিগাঁৱৰ মৰাকলং শান্তি পুৰতো পথৰ আধাৰশিলা স্থাপন কৰি বিগত এটা বছৰে পথটো নিৰ্মাণ নকৰাৰ অভিযোগ উস্থাপন কৰিলে ক্ষোভিত ৰাইজে।

বিধ্বস্ত পথৰ ওপৰত ভূঁই ৰুই মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। চলিত বৰ্ষৰ ১৯ ফ্ৰেব্ৰুৱাৰীত মৰিগাঁও নগৰৰ গাতে লাগি থকা মৰাকলং-শান্তি পুৰৰ একমাত্ৰ পথটো ১০ লাখ টকাৰে নিৰ্মাণ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰিছিল মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷

কিন্তু বিগত এটা বছৰে এই পথটোত এচপৰাও মাটি নপৰিল ৷ আনহাতে, এই বৰ্ষত শান্তিপুৰ বাসীয়ে দুটাকৈ বানৰ কৱলত পৰাৰ ফলত পথটো সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰাত যমৰ-যাতনাত ভুগিব লগা হৈছে ৷ যাৰ পৰিণতিত মঙলবাৰে মৰাকলঙৰ পুৰুষ মহিলা উভয়ে উলাই আহি পথটো নিৰ্মাণৰ দাবীত পথৰ উপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

আৰু পঢ়ক :

nagaon assam morigaon himanta biswa sarma