নিৰুদ্দেশ সাংসদ প্ৰদ্যুৎ বৰদলৈ! মৰিগাঁৱৰ বিভিন্ন ঠাইত পোষ্টাৰ…

নিৰুদ্দেশ সাংসদ প্ৰদ্যুৎ বৰদলৈ! মৰিগাঁৱৰ বিভিন্ন ঠাইত পোষ্টাৰ…

author-image
asomiyapratidin
New Update
নিৰুদ্দেশ সাংসদ প্ৰদ্যুৎ বৰদলৈ! মৰিগাঁৱৰ বিভিন্ন ঠাইত পোষ্টাৰ…

ডিজিটেল সংবাদ, মৰিগাঁও: নিৰুদ্দেশ সাংসদ প্ৰদ্যুৎ বৰদলৈ! বহু দিন ধৰি নেতা গৰাকীক দেখা নাই জনতাই। আচলতে বান পিড়ীতৰ খবৰ ল'বলৈ আহৰি হোৱা নাই বৰদলৈৰ।

Advertisment

নিৰুদ্দেশ পোষ্টাৰ লগাই মৰিগাঁৱত অভিনৱ প্ৰতিবাদ। বানত বিধ্বস্ত মৰিগাঁৱত এবাৰ খবৰ কৰা নাই নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিগত এটা মাহত দুবাৰকৈ বানত আক্ৰান্ত হৈছে মৰিগাঁৱৰ বিস্তৰ অঞ্চল।

এই সময়ছোৱাত এবাৰো নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱত উপস্থিত হোৱা নাই সংসদজন। সেয়েহে নিৰুদ্দেশ হৈ থকা সাংসদ জনক মৰিগাঁৱৰ কথা মনত পেলাই দিবলৈ এনেদৰে গছত প্ৰদ্যুৎ বৰদলৈ নিৰুদ্দেশ বুলি পোষ্টাৰ লগাই অভিনৱ প্ৰতিবাদ কৰিছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন সহায় অসমে।

আৰু পঢ়ক: বিশিষ্ট সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ আৰু নাই

assam morigaon protest