আৰক্ষী স্মৃতি দিৱস উপলক্ষে মৰিগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰে হাফ মাৰাথান...

দেওবাৰে পুৱাই ভকতগাঁৱৰ পৰা মৰিগাওঁ আৰক্ষী ছাউনীলৈ অনুষ্ঠিত কৰে হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
আৰক্ষী স্মৃতি দিৱস উপলক্ষে মৰিগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰে হাফ মাৰাথান...

morigaon

ডিজিটেল সংবাদ, মৰিগাঁও : আৰক্ষীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা আৰক্ষীয়ে দেওবাৰে পুৱাই ভকতগাঁৱৰ পৰা মৰিগাওঁ আৰক্ষী ছাউনীলৈ অনুষ্ঠিত কৰে হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা।

Advertisment

হাফ মাৰাথন দৌৰৰ ফ্লেগ অফ কৰে ১৯৯৫ চনত আলফাৰ আক্ৰমণত ছহীদ আৰক্ষী বকুৰ আঞ্জাহান আলিৰ মাতৃ মোছা আলেকজান বিবিয়ে। হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰে। প্ৰতিযোগী সকলক উৎসাহিত কৰিবৰ বাবে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাই কিছুদূৰ অংশ গ্ৰহণ কৰে।

প্ৰতিযোগী সকলৰ পুৰুষৰ শাখাত স্থান পোৱা সকল হৈছে- প্ৰথম স্থান লাভ কৰে মৰিগাঁও ঘগুৱাৰ সূৰ্য দাসে। দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় যোৰহাট বিপিন মুণ্ডাই। তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ তিষেশ্বৰ কুৰ্মীয়ে।

আনহতে, ছোৱালীৰ শাখাত প্ৰথম স্থান লাভ কৰে চৰাইদেউৰ ৰূপালী মুণ্ডাই। দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ধেমাজিৰ ৰেখামনি শ‌ইকীয়াই। তৃতীয় স্থান লাভ কৰে তিনিচুকীয়া ফুলমনি ওৰাঙে।

morigaon marathon race police assam