মৈৰাবাৰীত গ্ৰেপ্তাৰ সাত জনীয়া ছাইবাৰ অপৰাধীৰ এটি দল…

মৈৰাবাৰীত গ্ৰেপ্তাৰ সাত জনীয়া ছাইবাৰ অপৰাধীৰ এটি দল…

ডিজিটেল ডেস্ক : মৰিগাওঁ আৰক্ষীয়ে শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰীত গ্ৰেপ্তাৰ কৰে সাত জনকৈ ছাইবাৰ অপৰাধীক । মৈৰাবাৰী আৰক্ষী থানাৰ সংশ্লিষ্ট বিষয়া চাবিৰ আলিৰ নেতৃত্বত এটি দলে লেঙাৰিবৰী অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাসগৃহত প্ৰায় দুঘন্টা জোৰা অনুসন্ধানৰ পাছত শিক্ষক গৰাকীৰ পুত্ৰ সহিতে আন ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । এই অভিযানত উদ্ধাৰ হয় ছাইবাৰ অপৰাধৰ সৈতে জড়িত থকা সন্দেহজনক বহু সামগ্ৰী । গ্ৰেপ্তাৰ কৰা ৭ জন অপৰাধী ক্ৰমে, মামুন আলি, মুস্তাক আহমেদ, আৰিফুল ইছলাম, উমাৰ ফাৰুক, দিলদাৰ হুছেইন, ফৰিদুল ইছলাম আৰু ফুৰকান আলি ।

উল্লেখ্য যে, আৰক্ষীয়ে ঘটনা স্থলীৰ পৰা ১১ টা মোবাইল ফোন, ৭২০ খন ছিম কাৰ্ড, ৬ খন পাছবুক, পেন কাৰ্ড, আধাৰ কাৰ্ড, নগদ ধন ২০ হাজাৰ টকা আৰু ৪ খন দুচকীয়া বাহন জব্দ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in