ৰাজ্যত অব্যাহত আছে জেহাদী কাৰ্যকলাপঃ মৰিগাঁও আৰক্ষীয়ে পুনৰ আটক কৰিলে দুই জেহাদীক

মাছৰ ব্যৱসায়ৰ মাজতে চলাই নিছিল জেহাদীৰ কাৰ্যকলাপ

author-image
Asomiya Pratidin
New Update
ৰাজ্যত অব্যাহত আছে জেহাদী কাৰ্যকলাপঃ মৰিগাঁও আৰক্ষীয়ে পুনৰ আটক কৰিলে দুই জেহাদীক

morigaon morigaon

ডিজিটেল সংবাদ মৈৰাবাৰী: জেহাদী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত যোৱা শুকুৰবাৰে সন্ধিয়া ৯ বজাত আটক কৰিছিল মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰিয়াপাম গাঁৱৰ মুছাদ্দিক হুছেইনক। মৰিগাঁও আৰক্ষীৰ শীৰ্ষ নেতৃত্বই মুছাদ্দিক হুছেইনক চহৰীয়া পামৰ পৰা আটক কৰাৰ লগতে একে দিনাই নগাঁৱৰ ভকত গাঁও টুকুবাৰিৰ পৰা আটক কৰিছিল ইমাম ইক্ৰামুল হুছেইন নামৰ আন এজনক।

Advertisment

উল্লেখ্যে যে, ইক্ৰামুল ইছলাম পূৰ্বৰে পৰা গৰৈমাৰী জামে মছজিদত ইমাম হিচাপে কৰ্মৰত আছিল। আনহাতে এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ইয়াৰে মুছাদ্দিক হুছেইনৰ ভাতৃ মোজাম্মিল হকৰ ঘৰত আশ্ৰয় লৈ আছিল অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা পলাতক জেহাদী আবু তালাহ আৰু পত্নী জহুৰা খাতুন।

পৰিয়ালৰ লোকে জানিব দিয়া মতে মুছাদ্দিক হুছেইন এজন গড়ী চালক আৰু মাছ ব্যৱসায়ী। মুছাদ্দিকে নিজৰ AS- 01NC-4439 গাড়ীখনেৰে অসমৰ বিভিন্ন ঠাইত মাছৰ ব্যৱসায় কৰিছিল।

যোৱা লক ডাউনৰ সময়ত জেহাদী মুফতি মোস্তাফাৰ লগত মৰিগাঁৱৰ মিলন পুৰৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিছিল মুছাদ্দিক হুছেইন আৰু ইক্ৰামুল হুছেইনে। এই কথা আৰক্ষী সূত্ৰৰ দ্বাৰা প্ৰকাশ পাইছে।

মুছাদ্দিক হুছেইন আৰু ইক্ৰামুল ইছলামক প্ৰথমে আটক কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।যুৱকদ্বয়ক বৰ্তমানে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।আগন্তুক দিনত জেহাদী সম্পৰ্কীয় কি নতুন তথ্য পোহৰলৈ আহিব সেয়া সময়ত হব লক্ষণীয়।

morigaon Assam police